ETV Bharat / state

পাচিঘাটত ভয়ংকৰ ৰূপ লৈছে বানে

অৰুণাচল প্ৰদেশৰ পাচিঘাটত বানত আবদ্ধ হৈছে বহু লোক ৷ ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে ৷

Flood At Jonai
পাচিঘাটত ভয়ংকৰ বান পৰিস্থিতি
author img

By

Published : Jul 10, 2020, 12:42 AM IST

জোনাই, 9 জুলাই : অৰুণাচল প্ৰদেশৰ পাচিঘাটত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে বানত আৱদ্ধ লোকক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে পাচিঘাট প্ৰশাসনে ৷ দীৰ্ঘ দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাতো এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ জিলাখনৰ চিয়াং আৰু চিবু কৰেঙ নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে ঘৰ দুৱাৰ, বহু সা-সম্পত্তিৰ লগতে পশু ধনৰ বিস্তৰ ক্ষতি সাধন হৈছে ৰাইজৰ ৷

পাচিঘাটত ভয়ংকৰ বান পৰিস্থিতি

ইফালে চিবু কৰেঙ নদীৰ বাঢ়নী পানীত আবদ্ধ হৈছে বহু লোক ৷ ইতিমধ্যে আবদ্ধ দুজন লোকক পাচিঘাট প্ৰশাসনে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা লোক দুজনৰ ভিতৰত এজন পুৰুষ আৰু এজন মহিলা ৷

সমগ্ৰ অঞ্চলটোত পূৱ চিয়াং জিলাৰ আৰক্ষী অধীক্ষক আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে যৌথভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ আনহাতে চিয়াং নৈৰ পানী বিপদজনক বাবে বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোক সকল ৷ তাৰোপৰি, পূৱ চিয়াং জিলাৰ ৰুকচিন মহকুমাত নিকলক নদীয়ে দলঙৰ দুয়োমূৰ খহাই নিয়াত মহকুমাটোৰ সৈতে কেইবাখনো গাঁৱৰ যোগাযোগ বিছিন্ন হৈ পৰিছে ৷

লগতে পঢ়ক- কন্টেইনমেন্ট জ'নত সুৰাৰ মুকলি বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.