ধেমাজি,14 চেপ্তেম্বৰঃ ধেমাজিৰ জোনাইত পুনৰ বানৰ তাণ্ডৱ | জোনাই বেৰাচাপৰি চিয়াং নদীৰ বাঢ়নী পানীত জলমগ্ন ১২ খনতকৈ অধিক গাঁও । প্ৰায় এমাহ ধৰি মথাউৰি ওপৰত বসবাস কৰি থকাৰ পাচত পুনৰ নিজৰ আপোন ঘৰলৈ উভতিছিল বানাক্ৰান্ত। কিন্তু শুকুৰবাৰৰ ধাৰাষাৰ বৰষুণত চিয়াং নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ পাছতে জোনাইৰ বেৰাচাপৰিৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে | বেৰাচাপৰিৰ বেৰা মিলন,তাৰি নেপালী,তাৰি কছাৰী,তাৰি বেংগলী,তাৰি মাজগাঁও আদিকে ধৰি ১২ খনৰো অধিক গাঁৱৰ মানুহৰ ঘৰ বাৰী পুনৰ বুৰ গৈছে পানীৰ তলত | যাৰ বাবে শুকুৰবাৰে নিশা উজাগৰে কটাবলগীয়া হয় শতাধিক পৰিয়ালে ৷
জোনাইত পুনৰ বানৰ তাণ্ডৱ - জোনাইৰ বেৰাচাপৰি
জোনাই বেৰাচাপৰি চিয়াং নদীৰ বাঢ়নী পানীত জলমগ্ন ১২ খনতকৈ অধিক গাঁও
ধেমাজি,14 চেপ্তেম্বৰঃ ধেমাজিৰ জোনাইত পুনৰ বানৰ তাণ্ডৱ | জোনাই বেৰাচাপৰি চিয়াং নদীৰ বাঢ়নী পানীত জলমগ্ন ১২ খনতকৈ অধিক গাঁও । প্ৰায় এমাহ ধৰি মথাউৰি ওপৰত বসবাস কৰি থকাৰ পাচত পুনৰ নিজৰ আপোন ঘৰলৈ উভতিছিল বানাক্ৰান্ত। কিন্তু শুকুৰবাৰৰ ধাৰাষাৰ বৰষুণত চিয়াং নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ পাছতে জোনাইৰ বেৰাচাপৰিৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে | বেৰাচাপৰিৰ বেৰা মিলন,তাৰি নেপালী,তাৰি কছাৰী,তাৰি বেংগলী,তাৰি মাজগাঁও আদিকে ধৰি ১২ খনৰো অধিক গাঁৱৰ মানুহৰ ঘৰ বাৰী পুনৰ বুৰ গৈছে পানীৰ তলত | যাৰ বাবে শুকুৰবাৰে নিশা উজাগৰে কটাবলগীয়া হয় শতাধিক পৰিয়ালে ৷
জোনাই 14 ছেপ্টেম্বৰ
জোনাইত পুনৰ বানৰ তাণ্ডৱ | ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাহিৰ জোনাইৰ বেৰাচাপৰি অঞ্চল পুনৰ বানৰ কবলত । আজি প্ৰায় এমাহ ধৰি মথাউৰি ওপৰত বসবাস কৰি থকাৰ পিছত পুনৰ নিজৰ আপোন ঘৰলৈ উভতিছিল। কিন্ত যোৱা শুক্ৰবাৰে হোৱা ধাৰাষাৰ বৰষুণত চিয়াং নৈ জলপৃষ্ঠ বৃদ্ধিৰ পাছতে জোনাইৰ বেৰাচাপৰি বিভিন্ন অঞ্চল প্লাবিত হৈ পৰে |
চিয়াং নদীৰ বাঢ়নী পানীত জলমগ্ন জোনাই বেৰাচাপৰিৰ ১২ খনতকৈ অধিক গাঁও | যোৱা দুই তিনিদিন ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত ক্ৰমাৎ বাঢ়ি অহা চিয়াং নদীৰ পানী বেৰা চাপৰি অঞ্চলৰ বেৰা মিলন, তাৰি নেপালী, তাৰি কছাৰী, তাৰি বেংগলী, তাৰি মাজগাঁও আদিকে ধৰি ১২ খনৰো অধিক গাঁৱৰ মানুহৰ ঘৰ বাৰী পু্নৰ বুৰ গৈছে পানীৰ তলত | যোৱা শুক্ৰবাৰৰ পৰা শতাধিক লোকৰ ঘৰৰ ভিতৰত পানীয়ে বুৰ গৈ থকাত গোটেই নিশা উজাগৰে কটাইছে বহু পৰিয়ালে| অকল মানুহৰ ঘৰ বাৰীয়ে নহয়, বাট পথ আদিৰ লগতে বেৰাচাপৰি নগাঁও প্ৰাথমিক বিদ্যালয়খো পানীৰ তলত বুৰ গৈ থকাত শনিবাৰে বন্ধ হৈ পৰে বিদ্যালয়খনো|
উল্লেখ্য যোৱা এমাহ পূৰ্বে জোনাইৰ বেৰাচাপৰিত চিয়াং নদীৰ বানে মথাউৰি ছিঙি দিয়া অংশৰে পানী সোমাই জলমগ্ন হৈ পুনৰ সৃষ্টি কৰিছে বানৰ|
কৰবী দলে জোনাই
Conclusion: