ETV Bharat / state

ধেমাজিত সেউজ বিপ্লৱ

উল্লেখ্য যে,২৫০০ জোপা তামোল,৫০০,জোপা নাৰিকল,৭ বিঘা মাটিত আলু আৰু বিভিন্ন ৰবি শস্যৰ খেতি কৰা বুলি জনাই আদৰ্শৱান যুৱকজনে। পিতৃৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সহায়েৰে এবেলা কাম কৰি হাত খৰচ উলিয়াবলৈ সক্ষম হৈছে সীতাৰাম মালাহে ।

author img

By

Published : Dec 24, 2019, 11:54 AM IST

Updated : Dec 24, 2019, 3:08 PM IST

সীতাৰাম মালাৰ কৃষি বিপ্লৱ
সীতাৰাম মালাৰ কৃষি বিপ্লৱ

ধেমাজি,২৪ ডিচেম্বৰ: শাৰী শাৰী সৰু বৰ তামোল আৰু নাৰিকলৰ গছ,ইয়াৰ মাজে মাজে কিছু ৰবি শষ্য আৰু তাৰ কাষেৰে সৰু সৰু পুখুৰী ৷ মুঠতে এটা মনোৰম দৃশ্য ৷ এই সেউজ বিপ্লৱৰ সূচনা কৰিছে ধেমাজিৰ জামুগুৰি পাচ আলিৰ ১নং বিষ্ণুপুৰ বামুনী নাথ গাৱঁৰ সীতাৰাম মালাহ নামৰ এজন শিক্ষিত যুৱকে ৷ নিজৰ চাৰি হেক্টৰ ভূমিত যুৱকজনে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ বতৰৰ ভিন্ন পাচলি যেনে কবি,আলু,জলকীয়া,বেঙেনা,কেৰেলা আদিৰে ভৰপুৰ এখন পাচলী উদ্যানৰ সমান্তৰালকৈ মাছেৰে পৰিপূৰ্ণ এটা পুখুৰীৰে নিজৰ লগতে অন্য 15/ 20 জন যুৱককো কৰ্মসংস্থাপন দিছে সীতাৰাম মালাহে।

সীতাৰাম মালাৰ কৃষি বিপ্লৱ

উল্লেখ্য যে,২৫০০ জোপা তামোল,৫০০,জোপা নাৰিকল,৭ বিঘা মাটিত আলু আৰু বিভিন্ন ৰবি শস্যৰ খেতি কৰা বুলি জনাই আদৰ্শৱান যুৱকজনে। পিতৃৰ লডতে পৰিয়ালৰ সদস্যসকলৰ সহায়েৰে এবেলা কাম কৰি হাত খৰচ উলিয়াবলৈ সক্ষম হৈছে সীতাৰাম মালাহে । ইয়াৰোপৰি কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱাতকৈ নিজৰ ঠাইতে একাগ্ৰতাৰে কাম কৰিলে সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব পাৰি বুলি সাংবাদিকৰ আগত মন্তব্য কৰে গ্ৰামাঞ্চলৰ নিবনুৱা যুৱকসকলৰ বাবে আদৰ্শ হৈ পৰা সীতাৰাম মালাহে ৷

লগতে পঢ়ক: প্লাষ্টিকমুক্ত পৃথিৱীৰ দিশে পাৰ্থ প্ৰতিমৰ অৰিহনা

Intro:
। ধেমাজিৰ শিক্ষিত য়ুৱক সীতাৰাম মালাৰ কৃষি বিপ্লৱ

Body:

ধেমাজি , ২৪ ডিচেম্বৰ : যন কৰিলেই ছন বাকৰি মাটিতেই ধন । অসমীয়া ৰ এই আপ্ত বাক্যশাৰী প্ৰতিপন্ন কৰিছে ধেমাজিৰ এজন উদ্যমী শিক্ষিত যুৱকে । ধেমাজিৰ জামুগুৰি পাচ আলিৰ ১ নং বিষ্ণুপুৰ বামুনী নাথ গাৱঁৰ সীতাৰাম মালাহ নামৰ শিক্ষিত যুৱকজনে নিজৰ চাৰি হেক্টৰ কৃষি ভূমিত আৰম্ভ কৰিছে কৃষি বিপ্লৱ । শাৰী শাৰী সৰু বৰ তামোল আৰু নাৰিকলৰ গছ ।, সমান্তৰালভাৱে তামোল পুলিৰ মাজে মজে বতৰৰ ভিন্ন পাচলি যেনে কবি , আলু ,, জলকীয়া ,, বেঙেনা , কেৰেলা আদি । তদুপৰি আছে মাছেৰে পৰিপূৰ্ণ এটা পুখুৰী । উদ্যমী যুৱক গৰাকীয়ে জানিব দিয়া মতে ২৫০০ জোপা তামোল , ৫০০ , জোপা নাৰিকল , ৭ বিঘা মাটিত আলু আৰু বিভিন্ন ৰবি শস্য খেতি কৰিছে । তেওঁ জনোৱা মতে তেওঁৰ কামত পিতৃৰ লডতে পৰিয়ালৰ সদস্যসকলে সহায় কৰাৰ উপৰিও গাওখনৰ ১৫ গৰাকী শিক্ষিত যুৱকো এবেলা কাম কৰি হাট খৰচ উলিয়াবলৈ সক্ষম হৈছে ।ইতিমধ্যে অঞ্চলটোৰ বাবলু বৰা , সদান্দ মালাহ
, বিষ্ণু নৰহ , মুনিন্দ্ৰ নৰহ , পুটু বৰা আদি শিক্ষিত য়ুৱকে কামৰ প্ৰতি অনুপ্ৰাণিত হৈ তেওঁৰ বাৰীত কাম শিকিবলৈ আগবাঢ়ি আহিছে । ইয়াৰ বাবদ আদায় দিয়ে ২/৩ ঘন্টা সময়ৰ বাবে ১০০ টকাকৈ ।

ভৱিষ্যতে ৫০০০ জোপা তামোলৰ বাৰী গঢ়ি তোলা আৰু এইসকল যুৱকক লগত লৈ অহা বছৰ ১০০ মাটিত আলু খেতি কৰা কে ধৰি অন্যান্য কৃষি কৰ্ম কৰি নিজৰ লগতে আন দহজনক স্বাৱলম্বী কৰি তোলাৰ পৰিকল্পনা । ইপিনে ভৱিষ্যতে ভাল ফলাফলৰ আশা কৰি আগুৱাই যোৱা যুৱকজনে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ পৰা সাহাৰ্য আৰু কৃষি সামগ্ৰী পোৱা দূৰৰে কথা সামান্য পৰামৰ্শ এটিও আজিকোপতি পোৱা নাই ।

ইপিনে গ্ৰামাঞ্চলৰ নিবনুৱা যুৱকসকলৰ প্ৰতি আহ্বান জনাই কয় যে কৰ্মসংস্থাপন বিচাৰি বহি,: ৰাজ্যলৈ যোৱাতকৈ নিজৰ ঠাইতে একাগ্ৰতাৰে কাম কৰিলে সফলতাৰ মুখ দেখিবলৈ সক্ষম হব পাৰিব ।
য়ুৱক সীতাৰাম মালাৰ কৃষি বিপ্লৱ

Conclusion:হয় , মন কৰিবলগীয়া যে যি সময়ত ৰাজ্যত সংস্থাপনৰ অভাৱত হাজাৰ হাজাৰ নিবনুৱাই বহি ৰাজ্যলৈ ঢাপলি মেলিছে আৰু একাংশ ই সংস্থাপন বিচাৰি হতাশাগ্ৰস্ত হৈ পৰিছে তেনে সময়ত ধেমাজি এইগৰাকী সীতাৰাম মালা ৰ কৰ্মৰাজি আদৰ্শ সন্দেহাতীতভাৱে প্ৰশংসনীয় ।

Pradunya Bharali , Dhemaji , Assam, 24/12/2019
Last Updated : Dec 24, 2019, 3:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.