ETV Bharat / state

ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

author img

By

Published : Sep 24, 2020, 7:11 PM IST

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে সাব্যস্ত কৰে চৰকাৰ বিৰোধী প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ নেতা-কৰ্মীসকলে ৷

Effigy of CM burn in dhemaji assam etv bharat news
আছুৰ প্ৰতিবাদ

ধেমাজি,24 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বিগত সময়ছোৱাত ৰাজ্যত অনুষ্ঠিত কেইবাটাও চাকৰিৰ খালী পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত ফাদিল হৈছিল প্ৰশ্নকাকত ৷ কিন্তু চৰকাৰে আজিলৈকে এই পৰীক্ষাসমূহ পুনৰ অনুষ্ঠিত নকৰিলে ৷ শেহতীয়াভাৱে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ খালী পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত ফাদিল হৈছিল প্ৰশ্নকাকত ৷ মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পৰীক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত ঘোষণা কৰিছিল তদন্ত ৷ উক্ত তদন্তৰ ভিত্তিতে মহানগৰ অপৰাধ শাখা আৰু চিআইডিয়ে যুটীয়াভাৱে অনুসন্ধান আৰম্ভ কৰি লাভ কৰে বিভিন্ন তথ্য ৷ লগতে ঘটনা সন্দৰ্ভত জড়িত থকাৰ প্ৰমাণ লাভ কৰি গ্ৰেপ্তাৰ কৰিছে কেইবাগৰাকীও লোকক ৷

আছুৰ প্ৰতিবাদ

কিন্তু বাৰম্বাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছতো এই পৰীক্ষা স্বচ্ছ আৰু নিকা নোহোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ নেতা-কৰ্মীসকলে ৷

লগতে চাওকঃ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ঢেকীয়াল গাঁৱবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.