ETV Bharat / state

বান আৰু গৰাখহনীয়া বাবে আগতীয়াকৈ সাজু হৈছে জিলা প্ৰশাসন: ৰণোজ পেগু

author img

By

Published : May 26, 2021, 3:49 PM IST

'অনাগত বানপৰিস্থিতি আৰু গৰাখহনীয়াৰ বাবে আগতীয়াকৈ সাজু হৈছে ধেমাজি জিলা প্ৰশাসন', এই মন্তব্য শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ড৹ ৰণোজ পেগুৰ ৷ ক’ভিড পৰিস্থিতি সন্দৰ্ভতো প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ ক’ভিডৰ বৰ্ধিত সংক্ৰমণ ৰোধৰ বাবে গাঁৱে গাঁৱে স্বাস্থ্য কৰ্মী ,আশা কৰ্মী প্ৰেৰণ কৰি আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা থকা ব্যক্তিক চিনাক্ত কৰি ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

education-minister-in-dhemaji
বান আৰু গৰাখহনীয়া বাবে আগতীয়াকৈ সাজু হৈছে জিলা প্ৰশাসন : ৰণোজ পেগু

ধেমাজি, 26 মে’: ৰাজ্যত কৰ’ণাৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে জিলা প্ৰশাসন সমূহ সাজু হ’বলগীয়া হৈছে অনাগত বান পৰিস্থিতিৰ বাবেও ৷ বানৰ ভয়াৱহতাই প্ৰত্যেক বছৰে ক্ষতিগ্ৰস্ত কৰা ধেমাজি জিলাও ব্যতিক্ৰম নহয় ৷

সম্প্ৰতি, বানপানী আৰু গৰাখহনীয়াৰ বাবে আগতীয়াকৈ সাজু হৈছে ধেমাজি জিলা প্ৰশাসন ৷ মঙলবাৰে, শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ড৹ ৰণোজ পেগু ধেমাজিত উপস্থিত হৈ কয় যে, ক’ভিড প্ৰতিৰোধৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি থকাৰ সমান্তৰালভাৱে আসন্ন বাৰিষাক লৈ সাজু হৈছে ধেমাজিৰ জিলা প্ৰশাসন ৷ মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে, আগতীয়াকৈ মথাউৰি মেৰামতি, গৰাখহনীয়াৰ কাম আৰু বান সাহাৰ্যৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ৷

উল্লেখ্য যে, ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হোৱাৰ পিছত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, ক’ভিডৰ বৰ্ধিত সংক্ৰমণ ৰোধৰ বাবে গাঁৱে গাঁৱে স্বাস্থ্য কৰ্মী ,আশা কৰ্মী প্ৰেৰণ কৰি আগতীয়াকৈ আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা থকা ব্যক্তিক চিনাক্ত কৰি ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

ইফালে, কণমানি শিক্ষাথী সকলক ঘৰতে শিক্ষা উপলব্ধ কৰাৰ ব্যৱস্থা গ্ৰহন কৰিব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ৷

লগতে পঢ়ক :বিশাখাপট্টনমৰ এইচপিচিএল প্ৰকল্পত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.