ETV Bharat / state

জোনাই তৰাজানত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Sep 27, 2022, 1:58 PM IST

ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই অহাৰ সময়তে ধেমাজি জিলাৰ জোনাইৰ তৰাজান (Drugs dealer arrested in Jonai) গাঁৱত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । বিশেষ সূত্ৰে জানিব পাৰি তৰাজান গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ (VDP of Tarajan)দলে নিশা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ।

Drugs dealer arrested in Jonai
জোনাই তৰাজানত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

জোনাই, ২৭ ছেপ্টেম্বৰ: ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Anti drugs mission by Assam police)৷ এনে অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । সেয়েহে নৱপ্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছ কৱলত পৰি ধ্বংস হৈছে বহু যুৱক ৷ এনে এক পৰিৱেশেই বিৰাজ কৰিছে ধেমাজি জিলাৰ জোনাইত ।

জিলা প্ৰশাসনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে সোমবাৰে নিশা জোনাইৰ তৰাজান (Drugs dealer arrested in Jonai) গাঁৱত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক ৰাইজৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, বহুদিন আগৰে পৰাই জোনাইৰ তৰাজান (Drugs paddler arrested in Tarajanof Dhemaji)গাঁৱত একাংশ যুৱকে ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ আহিছে ।

বিশেষ সূত্ৰে জানিব পাৰি তৰাজান গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ (VDP of Tarajan)দলে নিশা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম চানু চেত্ৰী । আন দুজন ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে দীপক মিলি আৰু কমল মিছিঙে আন্ধাৰৰ সুযোগ লৈ সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় । পিছত ৰাইজে জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰি জোনাই থানালৈ লৈ যায় ।

ইপিনে, ধেমাজি জিলাৰ জোনাইৰ ৰিগবি গাঁৱত যোৱা ১৫ ছেপ্টেম্বৰত ভাংভৰ্তি বস্তা জব্দ কৰা হৈছিল ৷ এক গোপন সূত্ৰ পম খেদি বৃহস্পতিবাৰে নিশা জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে জোনাই ৰিগবি গাঁৱত অভিযান চলাইছিল (ganja seized at jonai) ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে গাঁওখনৰ পৰা এক বস্তা ভাংসহ চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল (4 smuggler arrested)৷ ধৃত চাৰি সৰবৰাহকাৰী হৈছে সোৰামনি ৰেগন, লক্ষ্মীনাথ পাৱ, জয় পাৱ আৰু বুলি পেগু ৷ আৰক্ষীয়ে জনোৱা অনুসৰি যোৱা কিছুদিনৰ পৰা উক্ত অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ হৈ অহা বুলি আৰক্ষীয়ে বিভিন্ন সূত্ৰে তথ্য লাভ কৰিছিল ৷

লগতে পঢ়ক:কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সদস্যক হত্যাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.