ETV Bharat / state

জোনাইত বিশেষভাৱে সক্ষম শিশুক সহায়ক সঁজুলি বিতৰণ - প্ৰাথমিক শিক্ষা বিষয়া

জোনাইত বিশেষভাৱে সক্ষম শিশুক সহায়ক সঁজুলি বিতৰণ ৷ 23 গৰাকী বিশেষভাৱে সক্ষম শিশুক বিতৰণ কৰা হয় সঁজুলি ৷

Distribution of specially aided child support equipment in Jonai
জোনাইত বিশেষভাৱে সক্ষম শিশুক সহায়ক সঁজুলি বিতৰণ
author img

By

Published : Nov 4, 2020, 9:41 PM IST

জোনাই, 4 নৱেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কঙচেলেক শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে চলিত বছৰতো 2020-21 বৰ্ষৰ বিশেষভাৱে সক্ষম শিশুক সহায়ক সঁজুলি বিতৰণ কৰা হয় ৷ জোনাই টাউন প্ৰাথমিক বিদ্যালয় প্ৰাংগনত 23 গৰাকী বিশেষভাৱে সক্ষম শিশুক সহায়ক সঁজুলি বিতৰণ কৰা হয় ৷

Distribution of specially aided child support equipment in Jonai
জোনাইত বিশেষভাৱে সক্ষম শিশুক সহায়ক সঁজুলি বিতৰণ

আজিৰ সহায়ক সঁজুলি বিতৰণী অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই শিক্ষক নৱজ্যোতি গগৈয়ে ৷ একেদৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুৰ্কঙচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক প্ৰমনাথ দলেই ৷ উক্ত অনুষ্ঠানত চন্দ্ৰ কোঁৱৰ, ৰাজীৱ পাতিৰ, ক্ষীৰোদ দলে, দীপাঞ্জলি কুলি আৰু অপূৰ্ব পেগুকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : অপৰাধীক কৰায়ত্ব কৰাৰ বাবে কৰিমগঞ্জত আৰক্ষীক সময় বান্ধি দিলে ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.