জোনাই, ২৯ ডিচেম্বৰ: শাক-পাচলিৰ খেতিৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে ধেমাজি জিলাৰ এগৰাকী উচ্চ শিক্ষিত যুৱ কৃষকে(Self reliant in Agriculture) । জিলাখনৰ মালিনীপুৰ গাওঁ পঞ্চায়তৰ শলখণি গাঁৱৰ সৰ্বানন্দ সোণোৱালে ৰবি আৰু খাৰিফ দুয়োবিধ শস্যৰ খেতি কৰি প্ৰচুৰ শাক-পাচলি উৎপাদনৰ জৰিয়তে আৰ্থিকভাৱে স্বচ্ছল হ'বলৈ সক্ষম হৈ স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে । অতি সম্প্ৰতি তেওঁ নিজৰ আত্মবিশ্বাস, পৰিশ্ৰম আৰু কষ্টৰ ফলত এগৰাকী প্ৰতিষ্ঠিত প্ৰগতিশীল কৃষক হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে ।
২০০৬ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰুৱা আৰ্থিক অনাটনৰ বাবে সৰ্বানন্দ সোণোৱালে বহিঃৰাজ্য তামিলনাডুৰ চেন্নাইলৈ কৰ্মসংস্থাপন বিচাৰি গৈছিল । ২০১৫ চনলৈকে চেন্নাইতে এটা কোম্পানীত কৰ্মৰত হৈ থকা অসমৰ যুৱকগৰাকী পুনৰ ঘৰলৈ উভতি আহে । ২০১৬ চনৰ পৰা কম পৰিমাণৰ মাটিত ত্ৰিশ, ছল্লিশ হাজাৰ টকা পুঁজি বিনিয়োগ কৰি শাক পাচলি খেতিত মনোনিবেশ কৰে(Vegetable cultivation)। সেইবছৰত পঞ্চাশৰ পৰা ষাঠি হাজাৰ টকা উপাৰ্জন হৈছিল সৰ্বানন্দৰ ।
ইয়াৰ পিছৰ বছৰৰ পৰা সৰ্বানন্দ সোণোৱালে শীতকালিন আৰু গ্ৰীষ্মকালিন তথা ৰবি আৰু খাৰিফ দুয়োবিধ শাক পাচলিৰ খেতিত অধিক গুৰুত্ব আৰোপ কৰিবলৈ লয় আৰু লাহে লাহে আৰ্থিক উপাৰ্জনৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পায় ৷ 2019ৰ পৰা 2022 চনত বছৰি চাৰিৰ পৰা পাঁচ লাখ টকা পৰ্যন্ত উপাৰ্জনৰ পথ মুকলি কৰে সৰ্বানন্দই ।
দুয়োটা কালৰ বাবে শাক-পাচলিৰ খেতি কৰিবলৈ নিজৰ প্ৰয়োজনীয় মাটিৰ অভাৱ হোৱাৰ বাবে আনৰ পৰা মাটি লীজত লৈ ৰবি আৰু খাৰিফ খেতি কৰি আহিছে প্ৰগতিশীল যুৱ-কৃষক গৰাকীয়ে । ৰবি শস্যৰ খেতিত বন্ধা কবি, ফুল কবি,আলু,কেৰেলা আৰু খাৰিফ শস্যৰ খেতিত তিয়ঁহ,কেৰেলা, লেচেৰী মাহৰ ওপৰত বেছি গুৰুত্ব দি আহিছে । ৰবি খেতিৰ বন্ধা কবি আৰু ফুল কবি আগতীয়াকৈ উৎপাদন কৰি প্ৰতি কেজিত পোন্ধৰ পৰা বিশ টকা আৰু পাছত উৎপাদিত প্ৰতি কেজিত সাত,আঠ টকাকৈ পাইকাৰী দৰত বিক্ৰী কৰি আহিছে ।
বৰ্তমান প্ৰতিদিনে পাঁচ, ছয় কুইন্টল পৰ্যন্ত বন্ধা আৰু ফুল কবি চিলাপথাৰ,লিকাবালি,এম ই এছ আদি ঠাইৰ বজাৰত বিক্ৰী কৰি আছে আৰু দুমাহৰ পাছৰ পৰা কেৰেলা উৎপাদন হ'ব বুলি সদৰী কৰিছে যুৱকগৰাকীয়ে । ৰবি খেতিৰ দৰে প্ৰতিবছৰে খাৰিফ খেতি কৰি তিয়ঁহ, কেৰেলা,লেচেৰী মাহ আগতীয়াকৈ বজাৰলৈ উলিয়াই নি প্ৰতি কেজি তিয়ঁহত ছল্লিশৰ পৰা পঞ্চাশ টকা আৰু প্ৰতি কেজি কেৰেলা,লেচেৰী মাহত ত্ৰিশৰ পৰা ছল্লিশ টকাকৈ বিক্ৰী কৰি আহিছে ।
বৰ্তমান তেওঁ বি চি -৭৬, চিমিনিছ উন্নতজাতৰ বন্ধা কবি আৰু চুম' হাৰ্ট প্ৰজাতিৰ ফুল কবি খেতি কৰি অধিক উৎপাদনৰ মুখ দেখিবলৈ সক্ষম হৈছে । প্ৰগতিশীল যুৱ কৃষক গৰাকীয়ে উন্নতভাৱে শাক পাচলি খেতি কৰোঁতে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ(Krishi Vigyan Kendra Kendra Dhemaji) পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগেও সময়ে সময়ে বীজ, কীটনাশক দ্ৰব্য যোগান ধৰি আহিছে ৷ এই ক্ষেত্ৰত বিশেষকৈ চিলাপথাৰৰ গগৈ কৃষি সাৰথি, ইষ্ট ৱেষ্ট কোম্পানী আৰু চাইজেন্টাৰ কোম্পানীয়ে যথেষ্ট সহায় কৰি আহিছে যুৱ কৃষকগৰাকীক ।
বেচৰকাৰী সংস্থা কেইটাই শাক পাচলি খেতিৰ বাবে উন্নত প্ৰযুক্তি, কৌশল আদি প্ৰদান কৰি অহাৰ উপৰিও গগৈ কৃষি সাৰথিৰ পৰা আগতীয়াকৈ উন্নত জাতৰ বীজ, সাৰ,ঔষধ লৈ খেতি ছপোৱাৰ পাছত তাৰ মূল্য পৰিশোধ কৰি আহিছে । কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ পথ দেখুওৱা প্ৰগতিশীল যুৱ কৃষক গৰাকীয়ে চৰকাৰী সুবিধা বুলিবলৈ সামান্য পৰিমাণৰ বীজ, সাৰ,ঔষধ আৰু পৰামৰ্শ লাভ কৰি অহাৰ পৰিৱৰ্তে বিশেষ আৰ্থিক সাহাৰ্য, ট্ৰেক্টৰ,উন্নত প্ৰযুক্তিৰ প্ৰশিক্ষণ আদি আজিকোপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
আনহাতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰাও কৃষিকৰ্মৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱা সৰ্বানন্দই কোনো সুবিধা লাভ কৰা নাই । প্ৰগতিশীল যুৱ খেতিয়ক গৰাকীয়ে কয় যে, অন্যান্য ক্ষেত্ৰৰ যিমানেই ডাঙৰ উদ্যোগ গঢ়ি উঠিলেও কৃষি উদ্যোগৰ দ্বাৰাহে দেশৰ উন্নতি সম্ভৱ ৷ লগতে নিৱনুৱা যুৱ বন্ধুসকলক কৃষিকৰ্মত আগ্ৰহেৰে মনোনিবেশ কৰিবলৈ আহ্বান জনাই সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক: Plum Cultivation in Majuli : 35 বছৰে বিনা বেতেনেৰে শিক্ষকতা কৰা পিতৃক সুখী কৰিলে মাজুলীৰ জীৱন্তই