ETV Bharat / state

ধেমাজিত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ - COVID-১৯ৰ প্ৰতিষেধক

কালৰূপী কৰ'ণা মহামাৰীৰ ত্ৰাস এতিয়াও অব্যাহত আছে সমগ্ৰ বিশ্বতে । এই সংকট দূৰ কৰিবলৈ ভাৰতত আজিৰে পৰা আৰম্ভ হৈছে COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । অসমৰো বিভিন্ন প্ৰান্ততো প্ৰদান কৰা হৈছে COVID-১৯ৰ প্ৰতিষেধক । ধেমাজি অসামৰিক চিকিৎসালয়ত শনিবাৰে সম্পন্ন কৰা হৈছে টীকাকৰণ প্ৰক্ৰিয়া ।

ধেমাজি অসামৰিক চিকিৎসালয়ত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া

author img

By

Published : Jan 16, 2021, 4:49 PM IST

ধেমাজি,১৬ জানুৱাৰী: ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধেমাজিতো শনিবাৰৰ পৰা আৰম্ভ হৈছে COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসকসহ স্বাস্থ্য কৰ্মীসকলক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰা হয় ধেমাজি অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা০ যোগেন দাসক ৷

লগতে ১০০ জন স্বাস্থ্যকৰ্মীক প্ৰথম দিনটোত COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, আজিৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী উদ্বোধন কৰে ধেমাজিৰ অতিৰিক্ত উপায়ুক্ত দীপাংকৰ দাসে ৷ বিগত এটা বছৰে কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ পিছত এতিয়া টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে দেশবাসীয়ে ।

লগতে পঢ়ক:তেজপুৰত 300 লোকক প্ৰদান কৰা হ'ল কোভাক্সিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.