ETV Bharat / state

ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ - চুতীয়া যুৱ সন্মিলন

ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ত নিযুক্তিৰ বিসংগতিক লৈ সোমবাৰে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদীসকলে ।

dhemaji protest
ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ
author img

By

Published : Sep 8, 2020, 9:41 PM IST

ধেমাজি , 8 চেপ্তেম্বৰ : ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ত নিযুক্তিৰ বিসংগতিক লৈ সোমবাৰে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদীসকলে । ধেমাজি অসামৰিক চিকিৎসালয়ৰ ধপাঁত নিয়ন্ত্ৰণ কোষৰ নৰ্ডেল অফিচাৰ তথা ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ যোগেন দাস আৰু ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ তদানীন্তন ভাৰপ্ৰাপ্ত সঞ্চালক ডাঃ ৰণিধৰ কাকতিৰ বিৰুদ্ধে অভিযোগ তুলি দুয়োজনৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে । অভিযোগ মতে, ধেমাজি স্বাস্থ্য বিভাগৰ অধীনৰ ধপাঁত নিয়ন্ত্ৰণ কোষত ডাটা এন্ট্ৰি অপাৰেটৰ পদটো খালী হৈ থকাত সংশ্লিষ্ট বিভাগে কোনো সাক্ষাৎকাৰ অথবা বিজ্ঞাপন প্ৰকাশ নকৰাকৈ এজন লোকক মকৰল কৰিছে । এই বিষয়ে জিলা সংশ্লিষ্ট বিভাগটোক অৱগত কৰি অহাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ স্মাৰকপত্ৰ প্ৰদান কৰে ।

ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ

ইপিনে বিষয়টো গুৰুত্ব প্ৰদান নকৰিলে পুনৰ ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে সংগঠন প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক: কাকচাং কাইফলাংচু জলপ্ৰপাত দুৰ্ঘটনা : উদীয়মান ক্ৰিকেটাৰক শ্ৰদ্ধাঞ্জলি গোলাঘাট ক্ৰীড়া সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.