ETV Bharat / state

ধেমাজিত কেবিনেট বৈঠকক লৈ তুংগত উঠিছে আৰক্ষী-প্ৰশাসনৰ প্ৰস্তুতি

author img

By

Published : Sep 28, 2021, 4:18 PM IST

ধেমাজিত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক লৈ সাজু হৈছে আৰক্ষী-প্ৰশাসন ৷ ধেমাজিত দিছপুৰ সদৃশ পৰিৱেশ গঢ়ি তোলাত ব্যস্ত প্ৰশাসন ৷

Police administration gears up for dhemajit cabinet meeting
ধেমাজিত কেবিনেট বৈঠকক লৈ তুংগত উঠিছে আৰক্ষী-প্ৰশাসনৰ প্ৰস্তুতি

ধেমাজি, 28 ছেপ্টেম্বৰ : অহা 30 ছেপ্টেম্বৰত ধেমাজিত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকক লৈ ধেমাজি জিলা প্ৰশাসনৰ লগতে ধেমাজি আৰক্ষীয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ৷ এই দুদিনত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব তিনিশতাধিক আৰক্ষীৰ লোক ৷ সহায় কৰিছে গাঁওৰক্ষী বাহিনীয়ে ৷

বিশেষকৈ কেবিনেট বৈঠক অনুষ্ঠিত হ’বলগীয়া ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু ধেমাজি আৱৰ্ত ভৱনত নিৰাপত্তা দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে ৷ তদুপৰি ধেমাজি নগৰৰ যানজঁট নিয়ন্ত্ৰণ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই জানিবলৈ দিয়ে ৷

ইপিনে কেবিনেটৰ বৈঠকক লৈ ধেমাজি জিলা প্ৰশাসনে ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰে ভিতৰে আৰু আৱৰ্ত ভৱনটো ন ৰূপ সজাই তোলা পৰিলক্ষিত হৈছে ৷ প্ৰশাসনে ক্ষীপ্ৰ গতিত দিনে নিশায়ে প্ৰস্তুতি চলাই ধেমাজিত দিছপুৰ সদৃশ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : 30 অক্টোবৰত ৰাজ্যৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.