ধেমাজী, 27 ফেব্ৰুৱাৰী : লুৰিণজ্যোতি গগৈৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধেমাজি জাতীয় মহিলা শক্তিয়ে ৷ উল্লেখ্য যে, ভয়চ অৱ অসম নামৰ টুইটাৰৰ এটা ৱেব পৃষ্ঠাত প্ৰকাশ পাইছিল লুৰিণজ্যোতি গগৈৰ বিকৃত ফটো ৷
ইতিমধ্যে, ধেমাজি সদৰ আৰক্ষী থানাত ভয়চ অৱ অসম নামৰ ৱেব পৃষ্ঠাটোৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে ধেমাজি জাতীয় মহিলা শক্তিয়ে ৷ তদুপৰি এনে কাৰ্যই কেৱল লুৰিণজ্যোতি গগৈক অপমান কৰাই নহয় সমগ্ৰ নাৰী সমাজক অপমান কৰা বুলি মত প্ৰকাশ কৰে ধেমাজি জাতীয় মহিলা শক্তিৰ মহিলাসকলে ৷
লগতে পঢ়ক: পাকিস্তান জিন্দবাদ ধ্বনি দিয়া লোকৰ ভোট নালাগে বিজেপিক !