ধেমাজি, ৫ মাৰ্চঃ সুদীৰ্ঘ ৯ বছৰৰ অন্তত ধেমাজিৰ কাৰিকৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ পূৰ্ণাংগ হোৱাৰ পথত । চলিত বছৰতে আৰম্ভ হ'ব অভিযান্ত্ৰিকৰ পাঠদান ৷ কিন্তু মহাবিদ্যালয় নিৰ্মাণৰ নামত চৰকাৰে অঞ্চলটোৰ ৰাইজৰ বিশাল পৰিমাণৰ ভূমি অধিগ্ৰহণ কৰে যদিও আজিকোপতি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে নাপালে কোনো সাহাৰ্য ৷ ফলত টেকজুৰি ৫ নং লাটৰ প্ৰায় 40-45 টা পৰিয়ালৰ বৃহৎ ক্ষতিসাধন হয় ৷ উল্লেখ্য যে, ক্ষতিপূৰণ বিচাৰি ২০০৯ চনৰে পৰা সংশ্লিষ্ট বিভাগক বহুবাৰ জনাই আহিছে যদিও কেৱল প্ৰতিশ্ৰুতি আৰু আশ্বাসহে দি আহিছে বুলি মন্তব্য কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়কঃ কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ পৰা জব্দ 1 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী