ETV Bharat / state

ধেমাজীত ড্ৰাগছৰ ঘাটি উৎখাত আৰক্ষীৰ - চিলাপথাৰ

ধেমাজিত ড্ৰাগছৰ ঘাটি উৎখাত, এজন ড্ৰাগছ সৰবৰাহকাৰী আটক আৰক্ষীৰ ৷ উল্লেখ্য যে, বৰ্তমানেও জিলাখনৰ চিলাপথাৰত আছে কেবাটাও ড্ৰাগছ সৰবৰাহৰ বৃহৎ ঘাটি ৷

ধেমাজীত ড্ৰাগছৰ ঘাটি উৎখাত আৰক্ষীৰ
ধেমাজীত ড্ৰাগছৰ ঘাটি উৎখাত আৰক্ষীৰ
author img

By

Published : May 7, 2021, 10:58 PM IST

জোনাই৭ মে' : ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চমকং অঞ্চলৰ টাদুনীয়া গাঁৱত এটা ড্ৰাগছৰ ঘাটি উৎখাত কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এক গোপন সূত্ৰৰ পম খেদি চিমেন চাপৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কূলধৰ কোঁৱৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ অভিযানকাৰী দলে কালি নিশা দুই বজাত টাদুনীয়া গাঁৱৰ গোপাল মিলিৰ পুত্ৰ অজয় মিলি (২২)ক ড্ৰাগছ সৰবৰাহ কৰাৰ অপৰাধত আটক কৰে । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী অজয় মিলিক চিমেন চাপৰি আৰক্ষীয়ে কৰা জেৰাত বহু বিস্ফোৰক তথ্য উৎঘাটন কৰিবলৈ সক্ষম হৈছে চিমেন চাপৰি আৰক্ষীয়ে।

আৰক্ষীৰ জেৰাৰ পৰা পোৱা তথ্য অনুসৰি, টাদুনীয়া গাঁৱৰ গোপাল মিলিৰ বাসগৃহটো যোৱা বছৰৰ কৰ’ণা মহামাৰী আৰম্ভ হোৱাৰ পিছত লকডাউনৰ সময়ৰ পৰাই ড্ৰাগছৰ ঘাটিলৈ পৰিণত হয় । অজয় মিলিয়ে নিজে ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছ বিক্ৰী কৰি আহিছে । বিক্ৰী কৰি অহা ড্ৰাগছ, ব্ৰাউন ছুগাৰ আদি নিচাযুক্ত দ্ৰব্যবোৰ চিলাপথাৰৰ পৰা সৰবৰাহ কৰে বুলি আৰক্ষীক অৱগত কৰে ধৃত মিলিয়ে ৷

লগতে চিলাপথাৰত তিনি চাৰিটা ড্ৰাগছ বিক্ৰী কৰাৰ ঘাটি থকা বুলিও অজয় মিলিয়ে আৰক্ষীৰ জেৰাত উল্লেখ কৰে । চমকঙৰ টাদুনীয়া গাঁৱৰ অজয় মিলিৰ পৰা ড্ৰাগছ, ব্ৰাউন ছুগাৰ, ভাং আদি নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰি সেৱন কৰা অপৰাধী কেইজন হৈছে য়কা দলে ( চিলাপথাৰ),কাৰ্গং টাইদ ( পাগৰ',চমকং), ৰাহুল( চৰাইবাৰী,চমকং),দেৱ পেগু(লকলুং, চমকং) মাৰ্কং পেগু (চমকং)আৰু দেৱ ৰায়(সৰু) চিমেন চাপৰি । ইয়াৰে দেৱ ৰায়ক আগতেও ড্ৰাগছ সৰবৰাহৰ অপৰাধত আৰক্ষীয়ে দুবাৰকৈ আটক কৰিছিল ।

আৰক্ষীয়ে ঘটনাৰ সবিশেষ উৎঘাটন কৰিবলৈ অজয় পেগুক জেৰা অব্যাহত ৰাখিছে আৰু কম সময়ৰ ভিতৰতে বাকী অপৰাধী সমূহকো আটক কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, ২৪ এপ্ৰিলৰ দিনাও জোনাই আৰক্ষী থানাৰ গালী চিকাৰী অঞ্চলত বাৰজনীয়া এটা ড্ৰাগছ সেৱনকাৰী দলক আটক কৰি মূল অভিযুক্ত লাইমেকুৰী টাক'গিটুং গাঁৱৰ অভিজিৎ কাৰ্দং আৰু বিপুল দলেক জেললৈ প্ৰেৰণ কৰিছিল ।

ইপিনে, নৱপ্ৰজন্মৰ বাবে বৰবিহস্বৰূপ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইউবিপিঅ’ৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী, সৌনাব সানজাৰি নৌগৰ আঞ্চলিক সমিতিৰ সভাপতি অনিল বড়ো, সাধাৰণ সম্পাদক দৈমালু বসুমতাৰী, চমকং য়ুথ এছ'চিয়েছনৰ সভাপতি অৰুণ ব্ৰহ্ম, সম্পাদক জ্ঞান পেগু, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক বিনোদ বড়ো, চমকং আঞ্চলিক টিএমপিকেৰ সভাপতি নীলমণি দলে, চিমেন আঞ্চলিক এবছুৰ সভাপতি সঞ্জীৱ ৰামছিয়াৰী, সাধাৰণ সম্পাদক তিৰাব ৰামছিয়াৰীয়ে জোনাই আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়ক : পাঁচ দিনৰ পিছত মুখ খুলি কি ক’লে সৰ্বানন্দ সোণোৱালে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.