ETV Bharat / state

বিশাল মেগা মাৰ্টে’ কঢ়িয়াইছে নেকি গণ সংক্ৰমন !

author img

By

Published : Jul 5, 2020, 7:40 PM IST

ধেমাজিৰ বিশাল মেগা মাৰ্টত এতিয়ালৈকে ২২ গৰাকীকৈ কৰ্মচাৰী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা ১ গৰাকী গ্ৰাহকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে বুলি জানিব পৰা গৈছে ৷

dhemaji-covid-positive-panic-by-mega-mart
বিশাল মেগা মাৰ্টে’ কঢ়িয়াইছে নেকি গণ সংক্ৰমন !

ধেমাজি,5জুলাইঃ ধেমাজি জিলাত থকা বিশাল মেগা মাৰ্টে কঢ়িয়াইছে নেকি গণ সংক্ৰমন তাক লৈ শংকিত হৈ পৰিছে ধেমাজীবাসী ৷ বিশাল মেগা মাৰ্টৰ পৰা হোৱা সংক্ৰমনৰ বাবেই এতিয়া ধেমাজিত বাঢ়িছে কন্টেইনমেন্ট জ'নৰ সংখ্যা ৷ বিশাল মেগা মাৰ্টত এতিয়ালৈকে ২২ গৰাকীকৈ কৰ্মচাৰী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা ১ গৰাকী গ্ৰাহকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে বুলি জানিব পৰা গৈছে ৷ দেওবাৰৰ দিনটোতে ধেমাজিত ধৰা পৰা মুঠ ২০ গৰাকী কোভিড-19 পজিটিভ ৰোগীৰ ভিতৰত ১৬ গৰাকীয়েই বিশাল মেগা মাৰ্টৰ কৰ্মচাৰী,আৰু ১ গৰাকী গ্ৰাহক ৷ ইপিনে বিশালৰ পৰা কোভিড-19 সংক্ৰমন হোৱাৰ পিছতেই ধেমাজি প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে বিশালৰ গাতে লাগি থকা ৰামনগৰ অঞ্চল আৰু এৰাঢ়ল পথৰ এটা অংশ ৷ লগতে জিলা প্ৰশাসনে আন কেবাটাও স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

ইপিনে শনিবাৰে নতুনকৈ অসমত কোভিড-19 আক্ৰান্ত হোৱা 1202 টা ঘটনাৰ 777 টা হৈছে গুৱাহাটী মহানগৰীৰ ৷ ইয়াৰ লগে-লগে অসমত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 11001 টালৈ বৃদ্ধি পাইছে ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6743 গৰাকীকৈ লোক ৷ শনিবাৰে নতুনকৈ 416 গৰাকী ৰোগীক হাস্পতালৰ পৰা মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বেলজিয়ামৰ পৰা গুৱাহাটীলৈঃ কোভিড-19ৰ তিতা-মিঠা অভিজ্ঞতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.