ধেমাজি,8 ফেব্ৰুৱাৰী: ৰাজ্যত বৰ্তমান বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ মাত্ৰ কেইটামান দিন পিছতেই নিৰ্বাচনী আয়োগে ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ দিন ৷ কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ জাতি-জনগোষ্ঠীয় সংগঠনসমূহ ৷ বিগত প্ৰায় চাৰে চাৰি বছৰে ৰাজ্যত জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনসমূহে ৷ কেৱল মাত্ৰ ফাইলৰ ভিতৰতে সীমাৱদ্ধ হৈ থাকিল জনজাতিকৰণৰ কাম ৷
সোমবাৰে ধেমাজি প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল চুতীয়া যুৱ সন্মিলন ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ দৰে বিজেপি চৰকাৰখনেও চুতীয়া জাতিটোক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ সংগঠনটোৰ ৷ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত অহা 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে স্থিতি স্পষ্ট নকৰিলে আগন্তুক নিৰ্বাচনত সমগ্ৰ অসমৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে অৱস্থান কৰিবলৈ বাধ্য হ’ব বুলি সংবাদমেলৰ জৰিয়তে সকীয়াই দিয়ে সংগঠনটোৱে ৷