ETV Bharat / state

পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰতে গুৰুলা গুৰুলকৈ প্ৰহাৰ মহিলাক

আমগুৰিত পঞ্চায়ত কাৰ্যালয়ত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰত দুৱাৰ বন্ধ কৰি ৱাৰ্ড সদস্যাক মাৰপিট কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ চিলাপথাৰ থানাত গোচৰ ৰুজু ভুক্তভোগীৰ ৷

dhemaji-amguri-gp-incident
পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰতে গুৰুলা গুৰুলকৈ প্ৰহাৰ মহিলাক
author img

By

Published : Oct 26, 2021, 7:53 PM IST

ধেমাজি, 26 অক্টোবৰ : ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ আমগুৰি গাঁও পঞ্চায়তত মঙলবাৰে পঞ্চায়ত সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ ৷ পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্যাক সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীয়ে মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷ অভিযোগ অনুসৰি পঞ্চায়ত সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়ত কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি ৫ নং ৱাৰ্ডৰ এগৰাকী ৱাৰ্ড সদস্যাক মাৰপিট কৰে ৷

ৱাৰ্ড সদস্যাগৰাকীৰ আগন্তুক কৰ্ম আঁচনিৰ এটা উন্নয়নমূলক কামৰ অন্তৰ্ভুক্তিৰ বিষয়ক লৈ পঞ্চায়ত সভানেত্ৰী আৰু তেওঁৰ স্বামীৰ লগত বাক-বিতণ্ডাৰ সূত্ৰপাত হয় । ইয়াৰ পিছতে ৱাৰ্ড সদস্যাগৰাকীৰ স্বামীক বাহিৰ কৰি সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি ৱাৰ্ড সদস্যাগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

সম্প্ৰতি ঘটনা সন্দৰ্ভত ৱাৰ্ড সদস্যাগৰাকীয়ে চিলাপথাৰ থানাত সভানেত্ৰী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে । আনহাতে এই সমগ্ৰ ঘটনাৰ এটা ভিডি’অও ইতিমধ্যে ভাইৰেল হৈছে ৷

লগতে পঢ়ক : দুবছৰে নাই আটচবাজীৰ ব্যৱসায়: এইবাৰ আশাৰে আটচবাজী প্ৰস্তুতত ব্যস্ত বৰপেটাৰ আটচবাজী শিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.