ETV Bharat / state

ধেমাজিত জাতীয় মহিলা শক্তিৰ ধেমাজি জিলা অভিৱৰ্তন

author img

By

Published : Feb 4, 2021, 7:20 AM IST

Updated : Feb 4, 2021, 9:20 AM IST

ধেমাজি জাতীয় মহিলা শক্তিৰ উদ্যোগত বুধবাৰে অসম জাতীয় পৰিষদৰ সদৰৰ মুখ্য কাৰ্যালয়ত জাতীয় মহিলা শক্তিৰ ধেমাজি জিলা অভিৱৰ্তন অনুষ্ঠিত কৰা হয় ৷

Dhemaji ajp woman  conference
জাতীয় মহিলা শক্তিৰ ধেমাজি জিলা অভিৱৰ্তন

ধেমাজি, 4 ফেব্ৰুৱাৰী : ধেমাজি জাতীয় মহিলা শক্তিৰ উদ্যোগত বুধবাৰে অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন অসম জাতীয় মহিলা শক্তিৰ ধেমাজি জিলা অভিৱৰ্তন অনুষ্ঠিত কৰা হয় ৷ ধেমাজিৰ অসম জাতীয় পৰিষদৰ সদৰৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই অভিৱৰ্তন ৷

অসম জাতীয় মহিলা শক্তিৰ এই অভিৱৰ্তনত অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ কেইবাগৰাকী মুখ্য আহ্বয়কৰ লগতে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী উপস্থিত থাকে ৷

ধেমাজিত জাতীয় মহিলা শক্তিৰ ধেমাজি জিলা অভিৱৰ্তন

দুই শতাধিক মহিলাই অংশ গ্ৰহণ কৰা এই সভাত জাতীয় মহিলা শক্তিৰ ৰাজ্যিক মুখ্য সমন্বয়ক মিতালী দিহিঙীয়া বৰুৱা,দিপামনী শইকীয়া সোণোৱাল,ধেমাজি জিলা মুখ্য সমন্বয়ক পম্পী শইকীয়া উপস্থিত থাকে ৷

এই অভিৱৰ্তনতে জাতীয় মহিলা শক্তিৰ ৰাজ্যিক মুখ্য সমন্বয়ক মিতালী দিহিঙীয়া বৰুৱাই মন্তব্য কৰে যে,অসম জাতীয় মহিলা শক্তিয়ে ৰাজনৈতিক যাত্ৰাত এখন সুকীয়া মঞ্চ দিয়াৰ লগতে মহিলা শক্তি জাগ্ৰত কৰি মহিলাসকলক আগুৱাই লৈ যাব ৷ আনহাতে,এই অভিৱৰ্তনৰ জৰিয়তে ৩১ জনীয়া জিলা সমিতিৰ জাতীয় মহিলা শক্তিক পূৰ্ণাংগ ৰূপ দিব বুলিও মন্তব্য কৰে জাতীয় মহিলা শক্তিৰ ৰাজ্যিক মুখ্য সমন্বয়ক গৰাকীয়ে ৷

লগতে পঢ়ক : গুৱাহাটীত টি চিৰিজৰ কৰ্মশালাত বলীউডৰ অভিনেতা সায়াজী শিন্দে

Last Updated : Feb 4, 2021, 9:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.