ধেমাজী,23 জুনঃ ধেমাজি জিলা প্ৰশাসনে বান সাহাৰ্যৰ নামত বন্যাৰ্তক ম্যাদ ওকলা নিমখ প্ৰদান কৰা বুলি অভিযোগ কৰিছে । কণা হাঁহক পতান দিয়া বুলি ক্ষুব্ধ হৈ পৰিছে জীয়াঢলৰ বাঢ়নী পানীৰে সৰ্বস্বান্ত কৰা হেচুলি আৰু জালভাৰী আহোম গাঁৱৰ বানাক্ৰান্ত পৰিয়াল সকল।
অভিযোগ অনুসৰি জালভাৰী আহোম গাঁৱৰ ৫০পৰা ৬০ টা পৰিয়ালৰ ঘৰ-দুৱাৰ,পথাৰ পানীয়ে জলমগ্ন কৰিছে। ইতিমধ্যে প্ৰশাসনে চাউল,দাইল আৰু নিমখ আদি সাহাৰ্য হিচাপে প্ৰদান কৰিছে যদিও 2017 চনতে ম্যাদ ওকলা নিমখৰ পেকেট প্ৰদান কৰাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে।
![dhamaji flood affacted pepole expiry date food distibutaion](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-01-salt-pkd-ecpire-date-23-june-visbyte-as10021_23062020160735_2306f_01745_332.jpg)