ETV Bharat / state

Road conditions in Jonai : জৰাজীৰ্ণ পথৰ বাবে হায়ৰাণ শিক্ষাৰ্থী - Road conditions in Jonai

বছৰ বছৰ ধৰি জোনাই বৰং কৃষ্ণপুৰ অঞ্চলৰ ৰাইজে এটা পথৰ বাবে হাৰাশাস্তি ভোগ কৰি আছে (Devastated road has harassed the people of Jonai)। একাঠু পানীৰ মাজেৰে নিতৌ শিক্ষাৰ্থীয়ে গৈছে বিদ্যালয়লৈ । পথৰ মেৰামতি কৰিবলৈ আহৰি নাই চৰকাৰৰ । অতি শীঘ্ৰে পথটোৰ মেৰামতি কৰিবলৈ দাবী জনাইছে ক্ষোভিত ৰাইজে ।

Road
জৰাজীৰ্ণ পথৰ বাবে হায়ৰাণ শিক্ষাৰ্থী
author img

By

Published : Jun 16, 2022, 7:22 PM IST

জোনাই, ১৬ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত বছৰৰ দ্বিতীয়টো বানপানীয়ে ভয়ংকৰ ৰূপ লৈছে (Floods in Assam)। বানৰ কৱলত পৰিছে শ শ গাঁও । অসমৰ প্ৰায় প্ৰতিখন জিলাতে দেখা গৈছে বানৰ বিভীষিকা । স্তব্ধ হৈছে জনজীৱন ।

বাকী জিলাসমূহৰ দৰে ধেমাজি জিলাৰো বিভিন্ন প্ৰান্তত বানে লৈছে ৰুদ্ৰৰূপ (Floods affects Dhemaji)। তাৰ মাজতে এক বিশেষ দৃশ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে । জোনাইত বহু অঞ্চল বাঢ়নী পানীয়ে প্লাৱিত কৰাৰ সময়তে কণ কণ শিশুৱে একাঠু-একঁকাল পানীৰ মাজেৰে বিদ্যালয়লৈ গৈছে । হাতে হাতে কিতাপৰ বেগ লৈ কোনো মতে বিপদসংকুল পথ অতিক্ৰম কৰিছে কণ কণ শিক্ষাৰ্থীসকলে (Devastated road has harassed the people of Jonai)। বিদ্যালয় নহয় যেন পথাৰলৈহে গৈছে শিক্ষাৰ্থীসকল ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত অতিকৈ পিছপৰা বৰং কৃষ্ণপুৰ অঞ্চলৰ এই ঘটনা । জোনাইৰ মুৰৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত ২নং বৰং কৃষ্ণপুৰ আহোম প্রাথমিক বিদ্যালয়লৈ যোৱা বিধ্বস্ত পথছোৱাৰ বাস্তৱ প্ৰতিচ্ছবি এনেদৰে সংবাদমাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছে ।

বছৰ বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত পথছোৱা পৰিণত হৈছে পথাৰলৈ । যাৰ ফলত ২ নং বৰং কৃষ্ণপুৰ আহোম প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী, শিক্ষক তথা সেই পথৰ বাবে অঞ্চলটোৰ ৰাইজ চৰম যাতনা ভুগিবলগীয়া হৈছে । বিশেষকৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে বিধ্বস্ত পথেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় ।

কেৱল বাৰিষা বুলিয়ে নহয় বছৰৰ প্ৰায় প্ৰতিটো সময়তে এনে দুৰ্দশা ভোগ কৰিবলগীয়া হয় শিক্ষাৰ্থী তথা অঞ্চলটোৰ ৰাইজে । ইফালে বিদ্যালয়খনৰ কাষতে আছে বৰং কৃষ্ণপুৰ ৰাইজৰ নামঘৰ । উক্ত বিধ্বস্ত পথ পাৰ কৰি আহি নামঘৰত দৈনিক গাঁওখনৰ ৰাইজে কৰিবলগীয়া হয় নাম-কীর্তন । সেয়েহে স্থানীয় ৰাইজে উক্ত পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰি কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱন সুৰক্ষিত কৰাৰ লগতে স্থানীয় ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে চৰকাৰ তথা জনপ্ৰনিধিসকলক ।

লগতে পঢ়ক :চাৰিদুৱাৰলৈ স্থানান্তৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.