জোনাই,মাজুলী, ১৭ অক্টোবৰ: অহা ৮ নৱেম্বৰত অনুষ্ঠিতব্য় দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ (Deori Autonomous Council Elections) বাবে জোনাইত মনোনয়ন পত্ৰ দাখিল (Filing of nomination papers in Jonai ) আজিৰে পৰা আৰম্ভ হৈছে ৷ ১২ নং জোনাই সমষ্টিৰ বাবে মঙলবাৰে জোনাই নিৰ্বাচনী কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে জিমছায়া পিপ'লছ পাৰ্টিৰ ৰাজেশ দেউৰীয়ে ৷ শতাধিক সমৰ্থকক লৈ সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰে জেপিপিৰ প্ৰাৰ্থী ৰাজেশ দেউৰীয়ে ৷ ৯৬৮ জন ভোটাধিকাৰ থকা ১২ নং জোনাই সমষ্টিৰ মূল যুঁজখন ত্ৰিকোণীয়া হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে যদিও ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ৷
উল্লেখ্য় যে, মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন অহা ১৯ অক্টোবৰ । ১৯ অক্টোবৰৰ বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন দাখিল কৰিব পাৰিব প্ৰাৰ্থীসকলে । আনহাতে,অহা ২০ অক্টোবৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব ৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষদিন অহা ২৫ অক্টোবৰ বিয়লি ৩ বজালৈকে । ২৫ অক্টোবৰ দিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ পাব ।
অহা ৮ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ১০ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব । এই নিৰ্বাচনত জোনাই মহকুমাৰ দেউৰী পৰিষদীয় সমষ্টি ১২ নং জোনাইত (অনুচিত জনজাতি) মুঠ পাঁচটা ভোট কেন্দ্ৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব । দেউৰী পৰিষদৰ ১২ নং জোনাই জনজাতি সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ক্ৰমে, পুৰুষ ৪৫১ জন আৰু মহিলা ৫১৭ গৰাকী ।
ইপিনে, আজি দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰথমখন মনোনয়ন দাখিল কৰে মাজুলী (অনুচিত জনজাতি) ৯ নং সমষ্টিৰ জেপিপিৰ প্ৰাৰ্থী ৰূপ কুমাৰ দেউৰীয়ে (Filing of nomination papers in Majulii)। নদীদ্বীপ মাজুলীৰ অনুচিত জনজাতি ৯ নং সমষ্টিৰ জেপিপিৰ প্ৰাৰ্থী দেউৰীয়ে চাৰিশতাধিক সমৰ্থকক লৈ মাজুলী জিলা নিৰ্বাচনী বিষয়া কক্ষত মনোনয়ন পত্ৰ দাখিল কৰে । ৰূপকুমাৰ দেউৰীক ৰাইজৰ দলে পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে ।
ইফালে, মাজুলীত কংগ্ৰেছে কোনো প্ৰাৰ্থীত্ব দিয়া নাই । যোৱা নিৰ্বাচনত বিজেপিৰ মাধৱ দেউৰীয়ে জয়ী হৈ দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য হৈছিল । কংগ্ৰেছ দলৰ ৰূপকুমাৰ পৰাজিত হৈছিল ৰূপকুমাৰ । এইবাৰ জেপিপিৰ পৰা মনোনয়ন দাখিল কৰে ৰূপকুমাৰে । ইফালে, এতিয়ালৈকে বিজেপিৰ তৰফৰ পৰা কাক মাজুলীত টিকট দিব সেয়া স্পষ্ট হোৱা নাই । মাজুলীৰ মুঠ ৬ টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । নিৰ্বাচনত অংশগ্ৰহণ কৰিব ১৩২৩ জন পুৰুষ আৰু ১২৯১ গৰাকী মহিলা ভোটাৰ ।
লগতে পঢ়ক:কাণ্ডজ্ঞানহীন বিদ্যু ৎ বিভাগ: কাঠ, বাঁহৰবাঁ খুটাৰে বিদ্যু ৎ সংযোগ গ্ৰাহকক