জোনাই, ১৩ জানুৱাৰী : দীৰ্ঘদিন ধৰি অসম আৰু অৰুণাচলৰ সীমা বিবাদ অব্যাহত আছে (Assam Arunachal border dispute)। এই সীমা বিবাদ নিষ্পত্তিৰ বাবে ইতিমধ্যে তৎপৰ হৈছে চৰকাৰ তথা স্থানীয় প্ৰশাসন । ধেমাজি জিলাৰ সীমান্তত সীমা নিৰ্ধাৰণ কৰিবলৈ এইবাৰ আগবাঢ়ি আহিল প্ৰশাসন আৰু স্থানীয় লোক (Demarcation of Assam Arunachal border in Dhemaji)। জোনাইৰ শিৱগুৰিৰ অসম-অৰুণাচলৰ সীমা নিৰ্ধাৰণৰ বাবে উক্ত অঞ্চলত বৃহস্পতিবাৰে দুয়োখন ৰাজ্যৰ জিলা প্ৰশাসন আৰু আদি মিচিং বানে কেবাঙৰ এক প্ৰতিনিধি দল উপস্থিত হয় ৷ দীঘলীয়া আলোচনাৰ অন্তত অঞ্চলটোত সীমা নিৰ্ধাৰণৰ একমত হয় দুয়োখন ৰাজ্যৰ প্ৰশাসন আৰু স্থানীয় লোক ।
উল্লেখ্য যে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা নিষ্পত্তি আৰু নিৰ্ধাৰণ কৰাৰ বাবে শেহতীয়াকৈ ইটানগৰত দুয়োখন ৰাজ্যৰে চৰকাৰৰ এক মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল (Minister level meeting between Assam and Arunachal)৷ এই বৈঠকৰ নিৰ্দেশ মৰ্মে জোনাইৰ শিৱগুৰিৰ অসম-অৰুণাচলৰ সীমা নিৰ্ধাৰণৰ বাবে দুয়োখন ৰাজ্যৰ জিলা প্ৰশাসন আৰু স্থানীয় সংগঠনসমূহ উপস্থিত হয় ৷
বিশেষকৈ শিৱগুৰি অঞ্চলত দেখা দিয়া সীমা সমস্যা নিৰ্ধাৰণ কৰাৰ বাবে আদি মিচিং বানে কেবাঙে গাঁওবুঢ়া আৰু ৰাইজৰ সৈতে শান্তিপূৰ্ণ বাবে আলোচনাত মিলিত হয় আৰু এক মীমাংসাত উপনীত হয় ৷ দুয়োখন ৰাজ্যৰ প্ৰশাসন আৰু ৰাইজে মিলি কিছু এৰা-ধৰাৰ মাজেৰে উক্ত অঞ্চলৰ সীমা নিৰূপণ কৰে ৷ সেই অনুসৰি দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত এক চুক্তি স্বাক্ষৰিত কৰি সীমা নিৰ্ধাৰণ কৰা হয় ।
ইফালে অঞ্চলটো পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে ধেমাজি জিলাৰ উপায়ুক্ত অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অতিৰিক্ত আয়ুক্ত যাদৱ পেগু, জোনাই ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱা, আদি মিচিং বানে কেবাঙৰ সভাপতি ৰাজু মেদক, সম্পাদক অকম য়মচ, পূৱ চিয়াং জিলাৰ অতিৰিক্ত উপায়ুক্ত, ৰাজহ বিষয়াকে ধৰি অঞ্চলটোৰ গাঁওসমূহৰ গাঁওবুঢ়া আৰু স্থানীয় ৰাইজ (Dhemaji administration inspectied border area)।
শেহতীয়াকৈ অসম চৰকাৰে দাবী কৰিছিল যে সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে (Assam Arunachal Pradesh border dispute) । অসমৰ ধেমাজি জিলাৰ সংলগ্ন এলেকাকে ধৰি অৰুণাচল প্ৰদেশৰ মুঠ ৫৭ টা বিবদমান এলেকাৰ ভিতৰত ৫৪ টা অঞ্চলৰে সমস্যা প্ৰায় সমাধান হৈ উঠিছে বুলিও দাবী কৰিছিল চৰকাৰে ৷ ইফালে অহা ২০ জানুৱাৰীত গুৱাহাটীত দুয়োখন ৰাজ্যৰ চৰকাৰৰ মন্ত্ৰীসকলৰ উপস্থিতিত পুনৰ এক বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷