ETV Bharat / state

শনিবাৰে ৰাজ্যত পথ দুৰ্ঘটনাত নিহত দুগৰাকীকৈ লোক - road accident in chaigaon

ৰাজ্যৰ পৃথকে পৃথকে দুই ঠাইত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকীকৈ ব্যক্তি ৷ ধেমাজি জিলাৰ জোনাইত জেছমিনা দলে পেগু আৰু ছয়গাঁৱৰ কৈমাৰীৰ থাপা উপাধিৰ এজন গাড়ী চালক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

dead two person in road accident in state
শনিবাৰে ৰাজ্যত পথ দুৰ্ঘটনাত নিহত দুগৰাকীকৈ লোক
author img

By

Published : Jun 20, 2021, 10:25 AM IST

জোনাই, 20 জুন : ধেমাজি জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গালি চিকাৰীত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মহিলা ৷ গুৰুতৰভাৱে আহত হয় আন এজন ব্যক্তি ৷

নিহত মহিলাগৰাকী জোনাই থানাৰ অন্তৰ্গত গালী চিকাৰী গাঁও পঞ্চায়তৰ গালী মিগাং গাঁৱৰ জেছমিনা দলে পেগু বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গালী চিকাৰি তিনিআলিত বলেৰ' পিকাপ আৰু বাইকৰ মাজত মুখামূুখী সংঘৰ্ষ হয় ৷ ভয়ানক সংঘৰ্ষত বাইকে পিছফালৰ আসনত থকা আৰোহী মহিলাগৰাকী থিতাতে নিহত হোৱাৰ বিপৰীতে বাইক চালকজন গুৰুতৰভাৱে আহত হয় ৷

আহত কৃষ্ণ জ্যোতি দলে নামৰ বাইক চালকগৰাকী উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে উক্ত অঞ্চলটোত পূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা কৰিবলৈ দাবী জনাইছে গালি চিকাৰীৰ ৰাইজে ৷

ইফালে, শনিবাৰে সন্ধিয়া ছয়গাঁৱৰ কৈমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন চাৰিচকীয়া বাহনৰ মুখামখী সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো ৷

নিহত লোকজন জনৈক থাপা বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে As- ০১-em- ০২২৭ নম্বৰৰ এম জি হেক্টৰ নামৰ চাৰিচকীয়া বাহনখন গোৱালপাৰাৰ দিশে গৈ থকা অৱস্থাত সন্মুখৰ পৰা আহি থকা as- ২৫bc- ৮৫০৯ নম্বৰৰ অল্ট’ গাড়ীখনৰ লগত মুখামুখী সংঘৰ্ষ হয় ফলত অল্ট’খনৰ থাপা উপাধিৰ চালকজন থিতাতে নিহত হয় ৷

আনহাতে, অল্ট’খনত থকা সোণেশ্বৰী ৰাভা, হিমানী ৰাভা, হেমেন ৰাভা আৰু শিশু গোলাপ ৰাভা গুৰুতৰভাৱে আহত হয় । আহত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ হেক্টৰ বাহনখন গুৱাহাটীৰ এটি নিউজ প’ৰ্টেলৰ স্বত্বাধিকাৰী এছ আই চৌধুৰীৰ বুলি জানিব পৰা গৈছে ৷

অৱশ্যে তেওঁ কোনো আাঘাত পোৱা নাই বুলি জানিবলৈ দিছে ৷ জানিব পৰা মতে তেওঁ গুৱাহাটীৰ পৰা গোৱালপাৰাৰ নিজ গৃহলৈ গৈ আছিল ৷ আনহাতে, অল্ট’ গাড়ীখন গুৱাহাটীৰ এটি পৰিয়ালে থাপা নামৰ চালকজনৰ পৰা ভাড়াত লৈ বকোলৈ আলহীৰ ঘৰলৈ গৈছিল ৷

লগতে পঢ়ক : গ্ৰামাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.