জোনাই,৭ ছেপ্টেম্বৰ: ডিজিটেল ইণ্ডিয়াৰ যুগটো ৰাজ্যত পৰিস্ফুট হৈছে উন্নয়নৰ ফোঁপোলা স্বৰূপ । এই ফোঁপোলা স্বৰূপ এইবাৰ প্ৰতিফলিত হৈছে ধেমাজি জিলাৰ জোনাইৰ নাহৰ জেলম গাঁৱত । বিগত কেইবাবছৰে বিধ্বস্ত বাঁহৰ দলঙৰে যাতায়ত(dilapidated bamboo bridge in Jonai)অব্যাহত কৰিছে গাঁওখনৰ ৰাইজে ।
এই গাঁওখনৰ ৰাইজে উৱলি যোৱা বাঁহৰ দলঙেৰে অহা-যোৱা কৰিছে । আনকি গাঁওখনৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে এতিয়া এইখন বাঁহৰ দলঙেৰে অহা-যোৱা কৰিবলৈ বাধ্য় হৈছে । তদুপৰি ৰোগীক নিবলৈ নাহে এম্বুলেন্স । জোনাইৰ নাহৰ জেলম গাঁওখনৰ ৰাইজে চিলে নদীৰ ওপৰত নিৰ্মিত এখন বাঁহৰ ওলমা দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল ভাৱে যাতায়ত কৰিছে । এই দৃশ্য দেখিলে আপোনাৰো হয়তো গাৰ নোম শিয়ৰী উঠিব ।
কণ কণ শিশুৱে আলোকৰ সন্ধানত প্ৰায় এশ ফুট দৈৰ্ঘ্য আৰু ৫০ ফুট উচ্চাতাৰ এখন বাঁহৰ ওলমা দলঙেৰে দৈনিক অহা-যোৱা কৰিছে । যিকোনো মূহুৰ্ত্ততএই এই ওলমা বাঁহৰ দলংখন ভাঙি এক ভয়ানক পৰিস্থিতি হোৱাৰ আংশকা কৰিছে ৰাইজে।জানিব পৰা মতে এই দলঙৰ পৰা পৰি গাঁৱৰ তিনিজন লোকৰ মৃত্যু হৈছে ।
চৰকাৰক বহু আবেদন নিবেদন কৰিছে গাঁৱবাসীয়ে । কিন্তু চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ভোক্তভোগী ৰাইজে । নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ পালন কৰিবলৈ সময় নাই জনপ্ৰতিনিধি কিম্বা প্ৰশাসনৰ । এখন পকী দলঙৰ ভাৱেই জীয়তু ভোগা ৰাইজে এইবাৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে ।
ইপিনে,ধেমাজি জিলাৰ জোনাইত ভদীয়া বানৰ তাণ্ডৱ আৰম্ভ হৈছে । জোনাইৰ শিৱগুৰিত অবর্ণনীয় বান পৰিস্থিতি । কেউপিনে মাথোঁ পানী আৰু পানী(Flood in Jonai Dhemaji)। শিৱগুৰি গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে বুৰ গৈ আছে পানীৰ তলত । যোৱা প্ৰায় চাৰিদিনে বানপানীৰ কবলত পৰি সম্পূৰ্ণৰূপে জলবন্দী হৈ আছে শিৱগুৰিৰ অৰ্ধশতাধিক পৰিয়াল । খাদ্য,বিশুদ্ধ খোৱাপানী আদিৰ সংকটত ভুগি হাহাকাৰৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত(flood affected people lack of drinking water)।
অকল মানুহেই নহয়,পশুধনৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । যোৱা ৩-৪ দিনে দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং নদীৰ বাঢ়নি পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে জোনাই ৰাজহ চক্র তথা চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰি ।