ETV Bharat / state

প্ৰলয়ংকাৰী বানত প্লাৱিত জোনাইৰ বহু গাঁও - বাঢ়নী পানী

জোনাইত পুনৰবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰা বানত প্লাৱিত হৈছে অৰ্ধশতাধিক গাঁও ৷ গাঁওসমূহৰ পথ-পথাৰ বানত ডুব যোৱাৰ লগতে স্কুল আৰু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ জলমগ্ন হৈ পৰিছে ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানপীড়িত ৰাইজৰ মাজত ৷

প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছে জোনাইৰ বহু গাঁও

author img

By

Published : Jul 8, 2020, 10:06 PM IST

জোনাই, 8 জুলাই : জোনাইত পুনৰ বানৰ তাণ্ডৱ ৷ মঙলবাৰৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চিয়াং, লালী, ব্ৰহ্মপুত্ৰ, দিখাৰী, ডেপি, ডেকা, ডেতাক, বুঢ়ীসূঁতি আদি নদীৰ লগতে উপনৈসমূহৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে জোনাইৰ অৰ্ধ শতাধিক গাঁও ।

চিয়াং, লালী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে ছিঙা মথাউৰিৰে পানী সোমাই জোনাই ৰাজহ চক্ৰৰ বৰং অঞ্চলৰ জোনাই, লোহিজান বেৰাচাপৰি, মহমৰা, কবু চাপৰি, টাৰি মাজগাঁও, টাৰি কছাৰি, টাৰি বস্তি, বেৰা বেঙ্গলী, বেৰা নগাঁও, মিলন তীৰ্থ, জলডুবি, ৰায় বস্তি, বগীনদী, হৰিপুৰ দেউৰী, নলনী পাম, সোনোৱাল কঠনি, ৰোহিপুৰ দেউৰী, হৰিপুৰ, 1 নং ৰাংকপ, 2 নং ৰাংকপ, বিজয়পুৰ, বৰং এৰাসুঁতি, জামজিং, লাইমেকুৰী কেৰকেৰ আৰু ৰাভাকঠনিকে ধৰি 30 খনৰো অধিক গাওঁ জলমগ্ন কৰিছে ৷ ফলত নিজা লাম-লাকুঠা আৰু প্ৰয়োজনীয় সামগ্ৰীলৈ ওখ স্থানলৈ ঢাপলি মেলিছে বানপীড়িত ৰাইজ ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বানাক্ৰান্ত ৰাইজে উদ্ধাৰ কৰিছে নিজা পোহনীয়া গৰু-ছাগলী, হাঁহ-কুকুৰা গাহৰি ইত্যাদি ৷

প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছে জোনাইৰ বহু গাঁও
প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছে জোনাইৰ বহু গাঁও

ইফালে পশ্চিম জোনাইৰ বৰং কৃঞ্চপুৰ বড়ো, কৃঞ্চপুৰ মিচিং, বৰং আহোম, বৰং মজদুৰ, 1 নং, 2 নং, 3 নং চৰাইবাৰী, মধ্যপুৰ, পিপ'লগুৰী, মদাৰগুৰী, তিনিসূঁতি, তেলীজান, এৰাসূঁতি, মুক্তিয়াৰ, 1 নং কৰ্ণপুৰ, 2 নং কৰ্ণপুৰ, 3 নং কৰ্ণপুৰ, মাঝিআলি চাপৰি, কাংকান চাপৰি আদি গাওঁসমূহো প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছে । গালী অঞ্চলৰ গালী কছাৰী, গালী মিচিং, গালীঘাট, মিলননগৰ, তল মামৰ, মুদৈ, জীয়াঢল, গালীঘাট লক্ষীপথাৰ, দেবেৰা, চৰাইবাৰী, বেলং, মুনিমুনি কুটুম, চেচু, গালী চাপৰি, গালী ৰাংকপ, য়াৰী, আমগুৰী আদি গাওঁসমূহৰ উপৰিও বগৰীগুৰী, ৰামধন বুঢ়ীসূঁতি, মৰা দিখাৰী, কৰৈবাৰী মুক্তিয়াৰ গাঁওকেইখন লালী নদীৰ বানত প্লাৱিত হৈছে ।

আনহাতে, লালী নদীৰ বানৰ ফলত গালীঘাট কৰ্ণপুৰ, গালী চিকাৰী, ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ অঞ্চল বুৰ গৈছে । মুদৈ এল পি স্কুল, জোনাইমুখ কামপুং এম ই স্কুল, পূব ৰাংকপ এল পি স্কুল কেইখনো জলমগ্ন হৈ পৰিছে লালী নদীৰ বানত । ডেপি নদীৰ বাঢ়নী পানীয়ে বৰবালি-গালীঘাট সংযোগী পথটো বুৰাই পেলোৱাৰ লগতে গালী কছাৰী বৰবালি গাঁৱৰ বহুকেইখন ঠাই বুৰাই পেলায় ।

ইপিনে ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত মেচাকি চাপৰিৰ বুঢ়িয়া চাপৰি, ৰামসিং গোৱালা, ৰামসিং ৰাভা, ৰামসিং বড়ো, উদয়পুৰ, লামাজান, মোহনামুখ বড়ো, মোহনামুখ গোৱালা, মিলননগৰ, জীয়াঢল, জেউতি পথাৰ, ৰুমৈ ৰুমৈ, জাউঘূলী মিচিং, জাউঘূলী বড়ো, মেচাকি ৰাভা, মেচাকি বড়ো, মেচাকি বৰ্মণ, দদেৰে, বৰ্মণ চেন্টাৰ, কয়লা আলি, কেকন দিখাৰী, আন' চাপৰি, কয়লা আলি বড়ো, কয়লা আলি মিচিং, কয়লা আলি বৰ্মণ আদি গাওঁসমূহ সম্পূৰ্ণৰূপে প্লাৱিত হৈ পৰিছে । ব্ৰহ্মপুত্ৰৰ বানত মেচাকি চাপৰি এম ই স্কুল, মেচাকি চাপৰি এল পি স্কুল, উদয়পুৰ এল পি স্কুল,মিলনপুৰ এল পি স্কুল, মেচাকি চাপৰি বড়ো এল পি স্কুল, বুড়িয়া চাপৰি এম ভি স্কুল কেইখনো জলমগ্ন হৈ পৰিছে ।

লালী, বুঢ়ীসূঁতি, দিখাৰী নদীৰ বাঢ়নী পানীয়ে বদলপুৰ বড়ো, পাখ্ৰীগুৰী, মধ্যপুৰ, বিঞ্চুপুৰ, তাকাবাৰী, মলান, মঠাম, লংকা, 2 নং উলুৱনী, 1 নং উলুৱনী, 1 নং, 2 নং, 3 নং জামুগুৰী, উলুৱনী মাজগাওঁ আদি গাওঁসমূহ বুৰাই পেলোৱাৰ লগতে বানৰ কৱলত পৰা অঞ্চলসমূহৰ স্কুল আৰু বিভিন্ন অনুষ্ঠানসমূহো জলমগ্ন হৈ পৰিছে । লালী, দিখাৰী, বুঢ়ীসূঁতি, ডেকা, চেৰেণ আদি নদীৰ বাঢ়নী পানীয়ে মিছামৰা অঞ্চলৰ 1 নং, 2 নং, 3 নং, 4 নং মধুপুৰ, কাড়িচুক, মঙ্গলবৰীয়া, তুল্লাদ, ৰুৱাদ, লৃচাং, বিল্লাম, মিছামৰা তিনিআলি, অন্নপুৰ, 1 নং, 2 নং নাঁওকাটা, নলবাৰী, কাংকান চাপৰি, কুমলীয়া, ৰাওন দ পথাৰ, লাম্বা চাপৰি, লাম্বা মিচিং, লাম্বা মিলন, অপ্সৰা, ডিমৰুগুৰী লুগুটি, কৈবৰ্ত আদি গাওঁসমূহ বুৰাই পেলায় ।

ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত হৈছে চেঙাজান গোৱালা, সৌৰাংশ্ৰী নামৰ গাঁও দুখন । বানৰ কৱলত পৰা মেচাকি চাপৰিৰ বানপীড়িত ৰাইজে ওখভেটিত আশ্ৰয় গ্ৰহণ কৰিছে ৷ বানত প্লাৱিত হৈ পৰা অঞ্চলসমূহৰ পশুধনৰ মাজত তীব্ৰ খাদ্য সংকটৰ সৃষ্টি হৈছে । জোনাই মহকুমাৰ নৈপৰীয়া অঞ্চলত নৈ-উপনৈৰ বাঢ়নী পানীয়ে পথ-পথাৰ একাকাৰ কৰি পেলোৱাত যাতায়াতৰ ক্ষেত্ৰত বানপীড়িত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : পতঞ্জলি কোভিড চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.