ETV Bharat / state

ধেমাজিত জীয়াঢল নৈৰ তীব্ৰ সন্ত্ৰাস - জীয়াঢল নৈ

ধেমাজিত জীয়াঢলৰ তাণ্ডৱ ৷ 2006 চনতে নিৰ্মাণ কৰা কেইবা কোটিটকীয়া জীয়াঢল নৈৰ মথাউৰিৰ ছিঙা অংশৰে পানী প্ৰৱেশ কৰি ধেমাজি নগৰৰ অভিমুখে গতি কৰিবলৈ আৰম্ভ কৰিছে । জীয়াঢল নৈৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰেই ধেমাজি নগৰত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় সচেতন ব্যক্তিয়ে শংকা প্ৰকাশ কৰে ৷

ধেমাজিত জীয়াঢল নৈৰ তীব্ৰ সন্ত্ৰাস
ধেমাজিত জীয়াঢল নৈৰ তীব্ৰ সন্ত্ৰাস
author img

By

Published : Jul 13, 2020, 8:58 PM IST

ধেমাজি, 13 জুলাই : ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে জীয়াঢল নৈয়ে । প্ৰতিবছৰে ইয়াৰ বাঢ়নী পানীৰে থুনুকা মথাউৰি আৰু বান্ধ ছিঙি ন ন অঞ্চল প্লাৱিত কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে । ইতিমধ্যে নদীখনে গতিপথ সলনি কৰি ধেমাজি নগৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । কাৰণ জীয়াঢলে ক্ষতিগ্ৰস্ত কৰা অঞ্চলৰ পৰা ধেমাজি নগৰলৈ মাত্ৰ 6-7 কি:মি: দুৰত্ব ।

ধেমাজিত জীয়াঢল নৈৰ তীব্ৰ সন্ত্ৰাস

ধেমাজিৰ স্থানীয় সচেতন ব্যক্তি হৰিশ পেগুৱে ই টিভি ভাৰতক সদৰি কৰা মতে,দীৰ্ঘদিন ধৰি জীয়াঢলে তাণ্ডৱ চলাই বাটঘৰীয়া,চমৰজান,নৰোৱাথান,আজোহা, জীয়াঢল মুঠ 8 টা পঞ্চায়তৰ 70-80 খন গাঁৱৰ জনসাধাৰণৰক হাৰাশাস্তি কৰি আহিছে ।

উল্লেখ্য যে,2019-2020 চনৰ পৰা ভয়ানকভাৱে জীয়াঢল নদীয়ে গতিপথ সলনি কৰিছে,যাৰ ফলত 2006 চনতে নিৰ্মাণ কৰা কেইবা কোটিটকীয়া জীয়াঢলৰ মথাউৰিৰ ছিঙা অংশৰে পানী প্ৰৱেশ কৰি ধেমাজি নগৰৰ অভিমুখে গতি কৰিবলৈ আৰম্ভ কৰিছে ।

ধেমাজিত জীয়াঢল নৈৰ তীব্ৰ সন্ত্ৰাস
ধেমাজিত জীয়াঢল নৈৰ তীব্ৰ সন্ত্ৰাস

জীয়াঢলৰ এই বাঢ়নী পানীয়ে অঞ্চলটোৰ কেইবাটাও পকী পথ বেয়াকৈ বিধ্বস্ত কৰি জীয়াঢল ৰে’ল আলিৰ সমীপৰ তিনিঘৰীয়া গাঁও প্লাৱিত কৰিছে । স্থানীয় ব্য়ক্তিগৰাকীয়ে শংকা কৰা মতে,যদি অচিৰেই নদীখনৰ মথাউৰি আৰু বান্ধসমূহ সুৰক্ষিত নকৰে তেন্তে অনাগত দিনত তিনিঘৰীয়া গাঁওখন নিশ্চিহ্ন কৰাৰ লগতে হাতীগড়,কছৈটিং,চেঙেলী পথাৰ,ভৰালীচুক সকলোতে জীয়াঢলৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি ধেমাজি নগৰতো বিপদ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : বিপদ সীমাৰ ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.