ETV Bharat / state

Negligence of electricity department: হস্তী কৰিডৰত উন্মুক্ত বৈদ্যুতিক তাঁৰে মাতিছে বিপদ - হস্তী কৰিডৰত বিপদসংকুল বৈদ্যুতিক তাঁৰ

জোনাইৰ অসম অৰুণাচল সীমান্তৰ পবা বনাঞ্চলৰ কাষেদি যোৱা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ 11KV বিদ্যুৎ প্ৰৱাহিত খুঁটাত লাগি শুকুৰবাৰে মাজ নিশা কোনোমতে প্ৰাণ ৰক্ষা এজাক বন্যহস্তীৰ ৷ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ।

Dangerous electric wires at elephant corridor in Jonai
হস্তী কৰিডৰত বিপদসংকুল বৈদ্যুতিক তাঁৰ
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 1:02 PM IST

হস্তী কৰিডৰত বিপদসংকুল বৈদ্যুতিক তাঁৰ

জোনাই,৬ অক্টোবৰ: জোনাইৰ অসম-অৰুণাচল সীমান্তৰ পবা বনাঞ্চলৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষেৰে যোৱা 11KV বিদ্যুৎ প্ৰৱাহিত তাঁৰত শ্বৰ্ট চাৰ্কিট হৈ কোনোমতে প্ৰাণৰক্ষা পৰে এজাক বন্যহস্তীৰ ৷ জানিব পৰা মতে মাজনিশা বন্যহস্তীৰ জাকটোৱে হস্তী কৰিডৰেৰে পবা বনাঞ্চলৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰিবলৈ লওঁতে বিদ্যুতৰ খুঁটাত লাগি যোৱাৰ ফলত নেকেড কণ্ডাক্টৰ লগোৱা বিদ্যুৎ প্ৰৱাহিত তাঁৰ গছত লাগি শ্বৰ্ট চাৰ্কিট হয় ৷

শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যুতৰ তাৰ চিঙি বন্যহস্তীৰ গাতো কাৰেণ্ট শ্বৰ্ট হোৱাত বিকট চিঞৰ মাৰি বন্যহস্তীৰ জাকটোৱে অ'ত ত'ত দৌৰি কোনোমতে প্ৰাণ ৰক্ষা পৰা বুলি জানিব স্থানীয় ৰাইজে ৷ ইফালে স্থানীয় ৰাইজে মাজ নিশাই লগে লগে বিদ্যুৎ বিভাগৰ লোকক খবৰ দিয়াত বিদ্যুৎ বিভাগৰ লোক আহি বিদ্যুতৰ তাঁৰসমূহ মেৰামতি কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে পবা বৰ্ষাৰণ্যৰ মাজেৰে যোৱা 11KV বিদ্যুতৰ লাইনটো মাত্ৰ তিনি কিলোমিটাৰহে কভাৰ কণ্ডাক্টৰ দিয়া আছে যদিও বাকী অংশত নিদিয়াত পবা বৰ্ষাৰণ্যৰ বন্যপ্ৰাণী ওলাই খুঁটাবোৰ গাত লাগি বা সাধাৰণ বতাহ-ধুমুহা আহিলেও উক্ত ঠাইত বিদ্যুতৰ তাৰ চিঙা বা গছত লাগি শ্বৰ্ট চাৰ্কিটৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ৷

যাৰ ফলত কেমি ঐৰামঘাট, চিৰুং, পুৰণা জেলম অঞ্চলৰ ৰাইজে প্ৰায়েই বিদ্যুৎ যোগানৰ পৰা বঞ্চিত থাকিবলগীয়া হয় ৷ সেয়ে বিদ্যুৎ বিভাগ তথা অসম চৰকাৰক শীঘ্ৰে নেকেড কণ্ডাক্টৰবোৰ আঁতৰাই পবা বনাঞ্চলৰ পৰা পুৰণা জেলেম গাঁৱৰ তিনি আলিলৈ কভাৰ কণ্ডাক্টৰ লাইনৰ তাঁৰ লগাই পবা বৰ্ষাৰণ্যৰ জীৱ জন্তু লগতে কেমি ঐৰামঘাট, চিৰুং, পুৰণা জেলম অঞ্চলৰ ৰাইজৰ বাবে জীৱন সুৰক্ষা কৰিবলৈ আহ্বান জনাইছে বৃহৎ অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: Road Mishap: বৰপেটাৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, এজন গুৰুতৰভাৱে আহত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.