ETV Bharat / state

বানত প্লাৱিত জোনাইৰ বিস্তীৰ্ণ অঞ্চল

চিয়াং আৰু লালী নৈৰ বাঢ়নী পানীত ইতিমধ্যে জোনাইত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে ভগ্ন মথাউৰিৰ ওপৰতে বেৰাচাপৰি অঞ্চলৰ দুই শতাধিক পৰিয়ালে গৰু-মহৰ সৈতে আশ্ৰয় গ্ৰহণ কৰিছে ৷

Danger Flood At Dhemaji
জোনাইত বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jun 27, 2020, 9:54 PM IST

জোনাই, 27 জুনঃ জোনাইত ফেনে-ফোটোকাৰে বাঢ়িছে চিয়াং আৰু লালী নৈ দুখনৰ জলপৃষ্ঠ ৷ ইতিমধ্যে নৈ দুখনৰ বাঢ়নী পানীত প্লাৱিত হৈছে ১৩৭ খন গাঁও ৷ ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে বানাক্ৰান্ত লোক সকলে ৷

জোনাইত বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

যোৱা কেবাদিনো দি থকা নেৰা নেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে ধেমাজিক লালী আৰু চিয়াং নৈৰ জলপৃষ্ঠ ৷ চিয়াং আৰু লালী নৈৰ বাঢ়নী পানীৰ ফলত ইতিমধ্যে জোনাইত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ জলমগ্ন হৈছে ১৩৭ খন গাঁও, বানাক্ৰান্ত হৈছে ৫৭৫৫৭ জন লোক ৷ বানত ঘৰ দুৱাৰ ডুৱ যোৱাৰ উপৰিও পুখুৰী মাছ সমুহ ওলাই যোৱাৰ উপৰিও ৯৩২৫ হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত ডুৱ গৈ আছে ৷ জোনাই বেৰাচাপৰি , লোহিজান, তাৰী কছাৰী, তাৰী মাজঁ গাওঁ, তাৰী নেপালী, তাৰী বেঙ্গলী, তাৰী বস্তি আদি অঞ্চলত ইতিমধ্যে লালী চিয়াং নৈ বাঢ়নী পানীত বুৰ গৈছে ৷ যাৰ ফলত ভগ্ন মথাউৰি ওপৰতে বিগত ১০ দিন ধৰি শিৱিৰতেই দিন কটাবলগীয়া হৈছে প্ৰায় দুই শতাধিক বানাক্ৰান্তই ৷ তদুপৰি পশুধনৰো খাদ্যৰ অভাৱত বানাক্ৰান্ত লোকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ বৰ্নাত্যসকলে জানিবলৈ দিয়ামতে, জোনাই মহকুমা প্ৰশাসনে বানাক্ৰান্ত লোকসকলকৰ মাজত ১০ টা পৰিয়ালৰ বিপৰীতে এখন ট্ৰিপাল , তিনিদিনৰ পিছত গাই প্ৰতি ১ কেজিকৈ চাউল, অলপ দাইল আৰু নিমখ বিতৰণ কৰিয়ে দায়িত্ব সামৰিছে ৷ আনহাতে ভগ্ন মথাউৰিৰ ওপৰতে বেৰাচাপৰি অঞ্চলৰ দুই শতাধিক পৰিয়ালৰ গৰু-মহৰ সৈতে আশ্ৰয় গ্ৰহণ কৰিছে ৷

আনহাতে, মহকুমা প্ৰসাশনে নাম মাত্ৰ সাৰ্হায্য বিতৰণ কৰাত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত ৷ তাৰোপৰি পশু ধনৰো খাদ্যৰ যোগান ধৰা নাই মহকুমা প্ৰসাশনে ৷ উল্লেখ্য যে, জোনাই মহকুমাত প্ৰায় ১৩৭ খনৰো অধিক নৈ পৰীয়া গাঁও জলমগ্ন হৈ পৰাত মহকুমাটোত বৰ্তমানলৈকে বন্যাৰ্তসকলৰ বাবে মাত্ৰ এটা চৰকাৰী আশ্ৰয় শিবিৰ পাতিছে মহকুমা প্ৰশাসনে ৷

লগতে পঢ়ক- বানত বুৰিল বিধায়কৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.