ETV Bharat / state

ধেমাজিত জীয়াঢলৰ বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল - জোনাই

ধেমাজিত জীয়াঢলৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে 300 খন গাঁও ৷ ইফালে তিনিটা আশ্ৰয় শিবিৰত 190 লোকে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি জানিবলৈ পোৱা গৈছে ।

Danger Flood At Dhemaji District
ধেমাজিত জীয়াঢলৰ বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jul 25, 2020, 9:05 PM IST

ধেমাজি,25 জুলাইঃ এতিয়াও অপৰিৱৰ্তিত হৈ আছে ধেমাজি জিলাৰ বান পৰিস্থিতি । ইতিমধ্যে জীয়াঢলৰ বাঢ়নী পানীত বহু পৰিয়ালৰ ঘৰ দুৱাৰ,কৃষি ভূমি নষ্ট হোৱাৰ লগতে বহু পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় বানাক্ৰান্ত লোক সকলৰ ৷

ধেমাজিত জীয়াঢলৰ বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

ধেমাজি বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত জীয়াঢলৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে আমুলগুৰি চেচাসহ তথা ২ নং ঘেয়াৰী গাঁৱৰ লগতে বহু অঞ্চল ৷ দীৰ্ঘ দিন ধৰি নৈ খনৰ বাঢ়নী পানীয়ে অঞ্চলটোত জলপ্ৰলয়ৰ সৃষ্টি কৰিছে । গাঁৱৰ একমাত্ৰ গড়কাপ্তানী পথটোও বানে বিচ্ছিন্ন কৰাত স্থানীয় ৰাইজে বাঁহৰ দলং দি কোনোমতে অহা যোৱা কৰি আছে । তাৰোপৰি বানত গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি ভেঁটি চকুৰ সন্মুখতেই খহাই লৈ যায় ।

অঞ্চলটোত প্ৰায় পৰিয়ালৰ ঘৰৰ সন্মুখতে এতিয়াও একাঠু একাঠু পানী হৈ থকাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তা লোক সকলৰ ৷ ঘৰৰ পৰা বাহিৰলৈ ওলোৱা সোমোৱা কৰাৰ বাবে বাঁহেৰে সাঁকো বনাই বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰতিটো পৰিয়ালৰ ঘৰৰ বাৰাণ্ডাৰ পৰা পদূলিলৈকে সংযোগ কৰি বাহঁ, তামোলেৰে সাজি লৈছে বিশেষ সাঁকো । বানাক্ৰান্ত লোকসকলে এনেদৰে অতি বিপজ্জনকভাৱে দুৰ্বিষহ জীৱন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইপিনে পৰিৱৰ্তনৰ কথা কোৱা বিজেপি মিত্ৰজোঁট চৰকাৰখনে জীয়াঢলৰ মথাউৰিটোকে নিৰ্মাণ কৰিব নোৱাৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে ৷ লগতে আগন্তুক নিৰ্বাচনৰ সময়ত বানাক্ৰান্ত অঞ্চলৰ ৰাইজে ইয়াৰ সু- উত্তৰ দিব বুলি মন্তব্য কৰে ।

উল্লেখ্য যে,যোৱা 24 জুলাই লৈকে জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে ধেমাজি জিলাখনত 300 খন গাঁও বানত আক্ৰান্ত হৈছে । ইয়াৰে ধেমাজিত 17 খন , জোনাইত সৰ্বাধিক 217, , চিচিবৰগাঁৱত 49 আৰু গোগামুখত 17 খন,সেইদৰে জিলাখনত ক্ষতিগ্ৰস্ত হৈছে 5598 হেক্টৰ কৃষিভূমি । ইয়াৰে ধেমাজিত 1520 , হেক্টৰ,জোনাইত 2738 হেক্টৰ,চিচিবৰগাঁৱত 630 হেক্টৰ আৰু গোগামুখত 710 হেক্টৰ ভূমি ।একেদৰে এই বানত আক্ৰান্ত হৈছে মুঠ 94514 গৰাকী লোক ।এইসকলৰ ভিতৰত ধেমাজিত 2240,জোনাইত 76554 গৰাকী আছে । বৰ্তমান জোনাইত তিনিটা আশ্ৰয় শিবিৰত 190 লোকে আশ্ৰয় গ্ৰহন কৰি আছে বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক- ৰঙিয়াত মুখ‍্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.