ETV Bharat / state

ধেমাজিত অত্যাধিক বিদ্যুৎ মাচুলক লৈ ক্ষোভিত উপভোক্তা

author img

By

Published : Feb 15, 2021, 6:20 PM IST

ধেমাজি বিদ্যুত উপসংমণ্ডলত মিটাৰ ৰিডিংৰ ক্ষেত্ৰত বিসংগতি হোৱাৰ বুলি বিভাগীয় কৰ্তৃপক্ষই উপভোক্তাসকলৰ আগত স্বীকাৰ কৰে যদিও উপভোক্তাসকলক প্ৰেৰণ কৰা বিল সমূহ আদায় দিবলৈহে কয় বিয়য়াই ৷

customer complaint against dhemaji electricity board
ধেমাজিত অত্যাধিক বিদ্যুৎ মাচুলক লৈ ক্ষোভিত অৰ্ধশতাধিক উপভোক্তা

ধেমাজি, 15 ফেব্ৰুৱাৰী : ধেমাজি বিদ্যুত উপসংমণ্ডলৰ অধীনৰ দৰিদ্ৰ সীমাৰেখা তলৰ পঞ্চাশ গৰাকীকৈ উপভোক্তাই বিভাগটোৰ বিৰুদ্ধে আনিছে এক গুৰুতৰ অভিযোগ ৷ উপভোক্তাসকলৰ প্ৰতিগৰাকীয়ে নিয়মীয়াকৈ বিদ্যুত মাচুল পৰিশোধ কৰি আহিছে যদিও চলিত ফ্ৰেব্ৰুৱাৰী মাহত পৰিশোধ কৰিবলগীয়া বিদ্যুত মাচুল অত্যাধিক হাৰত মাচুল বিভাগে প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

একোগৰাকী উপভোক্তালৈ এহাজাৰ পৰা বিশ হাজাৰ টকা পৰ্যন্ত বিল প্ৰেৰণ কৰা হৈছে ধেমাজি বিদ্যুত উপসংমণ্ডলৰ কাৰ্যালয়ৰ পৰা ৷ যাৰ পৰিপ্ৰেক্ষিতত বিভাগটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে উপভোক্তাসকল ৷

সোমবাৰে বিভাগটোৰ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত উচিত ন্যায় বিচাৰি উপভোক্তাসকলে বিভাগীয় কৰ্তৃপক্ষক সাক্ষাৎ কৰে যদিও বিষয়া গৰাকীয়ে ইয়াৰ কোনো সমাধান নিদিয়াৰ বিপৰীতে উপভোক্তাসকললৈ প্ৰেৰণ কৰা বিল সমূহ আদায় দিবলৈহে কয় ৷

আশ্চৰ্যজনকভাৱে মিটাৰ ৰিডিংৰ ক্ষেত্ৰত বিসংগতি হোৱাৰ বুলি বিষয়াগৰাকীয়ে উপভোক্তাসকলৰ আগত স্বীকাৰ কৰে বুলিও উপভোক্তাসকলে জানিবলৈ দিয়ে ৷ বিভাগটোৰ এনে কাণ্ডজ্ঞানশূণ্য কাৰ্যক কোনো কাৰণতে মানি ল’ব খোজা নাই উপভোক্তাসকলে ৷

দৰিদ্ৰ সীমাৰেখাৰ তলৰ উপভোক্তাসকলে এই ক্ষেত্ৰত এক সুবিচাৰ প্ৰদান কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে ৷ ইতিমধ্যে এই সন্দৰ্ভত ধেমাজি জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট বিভাগক লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী উপভোক্তাসকলে ৷

লগতে পঢ়ক : ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.