ETV Bharat / state

মণ্ডলৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ: বদলিকৰণৰ দাবী - জোনাই মহকুমাৰ মহকুমাধিপতি

জোনাই ৰাজহ চক্ৰত বছৰ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি থকা মণ্ডলে কৰ্তব্য সম্পাদনত গাফিলতি কৰাৰ অভিযোগ ৰাইজৰ ৷ জোনাই মহকুমাৰ মহকুমাধিপতিক লিখিত আবেদন দাখিল কৰিও কোনো সুফল লাভ নকৰাৰ অভিযোগ ৰাইজৰ ৷

curreption-in-jonai-circle-office
জোনাইত মণ্ডলৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ: বদলিকৰণৰ দাবী
author img

By

Published : Jul 21, 2021, 10:36 PM IST

জোনাই, 21 জুলাই : ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰ (Jonai Circle Office)ত বছৰ বছৰ ধৰি একেটা এলেকাতে কাৰ্যনিৰ্বাহ কৰি কৰ্তব্য সম্পাদনত চূড়ান্ত অৱহেলা কৰি অহা মণ্ডলসমূহৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ । জোনাই ৰাজহ চক্ৰৰ বাহিৰ জোনাই, চিলে গাঁও পঞ্চায়তৰ ৰাইজে ৰাজহ চক্ৰটোৰ বহু মণ্ডলে বছৰ বছৰ ধৰি একেটা এলেকাতে কৰ্মৰত হৈ কৰ্তব্যত চূড়ান্ত অৱহেলা আৰু গাফিলতি কৰি অহাৰ অভিযোগ কৰিছে ৷ যাৰ বাবে ৰাজহ চক্ৰটোৰ ৰাইজে বহু আবেদন-নিবেদন কৰাৰ পাছতো দীৰ্ঘদিন ধৰি ভূমি পট্টা লাভৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে ৷

জোনাইত মণ্ডলৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ: বদলিকৰণৰ দাবী

তদুপৰি মণ্ডলসমূহে কৰ্তব্য সম্পাদনত গাফিলতি আৰু অৱহেলা কৰাৰ ফলত সময়মতে জৰীপ কাৰ্য হোৱা নাই বুলি অভিযোগ কৰিছে এইসকল লোকে ৷ আনহাতে বানৰ সময়তো মণ্ডলসমূহে নিজৰ কৰ্তব্যত অৱহেলা কৰি অহাত বানাক্ৰান্ত ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে বুলি ৰাজহ চক্ৰটোৰ বাসিন্দাসকলে অভিযোগ কৰিছে । জোনাই ৰাজহ চক্ৰৰ মণ্ডলসমূহৰ বিৰুদ্ধে এনেবোৰ অভিযোগ উত্থাপন কৰি মণ্ডলৰ বিষয়া কৰ্মচাৰীক বদলিকৰণৰ দাবীত এইসকল লোকে জোনাই মহকুমাৰ মহকুমাধিপতিক ২৫ জুন এক লিখিত আবেদন দাখিল কৰে ৷

জোনাই আৰু চিলে গাঁও পঞ্চায়তৰ বাৰগৰাকী ব্যক্তিয়ে দাখিল কৰে এই অভিযোগনামা ৷ কিন্তু আজিলৈকে বিষয়টো সন্দৰ্ভত জোনাই মহকুমা প্ৰশাসনে কোনো গুৰুত্ব আৰোপ নকৰা অভিযোগ কৰিছে অভিযোগকাৰীসকলে ৷ উল্লেখ্য যে, জোনাই ৰাজহ চক্ৰত ভূমিৰ জৰীপ আৰু খিলঞ্জীয়াক ভূমি পট্টন প্ৰদানৰ কাম যথেষ্ট পিছপৰি আছে ।

লগতে পঢ়ক : লাভলীনা বৰগোঁহাইলৈ মন্ত্ৰী-বিধায়কৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.