ETV Bharat / state

ধেমাজিত গোহালিয়ে গোহালিয়ে আৰক্ষীৰ অভিযান

author img

By

Published : Jul 22, 2020, 7:31 PM IST

অবৈধ গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত ধেমাজি আৰক্ষীয়ে সাধাৰণ ৰাইজক বিভিন্ন ধৰণৰ শাৰীৰিক-মানসিক শাস্তি প্ৰদান কৰি অহাৰ অভিযোগ ৷ চিমেন চাপৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজু গগৈ আৰু ধেমাজি থানাৰ উপ-পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকীসহ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দল এটাই গেলুৱা গাঁৱৰ ঘৰে ঘৰে উপস্থিত হৈ গোহালিয়ে গোহালিৰে অভিযান চলাই এক প্ৰকাৰ সাধাৰণ ৰাইজক কষ্ট দিয়াৰ অভিযোগ উখাপন হৈছে ৷ আনকি,অঞ্চলটোৰ একাংশ ব্যৱসায়ী আৰু কৃষকৰ লগত থকা গৰু সমূহৰ প্ৰয়োজনীয় নথি-পত্ৰ থকা সত্বেও ঘৰৰ পৰা বলপূৰ্ব্বক ভাবে আৰক্ষীয়ে উঠাই লৈ যোৱাৰ অভিযোগ প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে ৷

COW SYNDICATE IN ASSAM DHEMAJI
জব্দকৃত গৰুক লৈ ধেমাজিত উত্তপ্ত

ধেমাজি, 22 জুলাই : ৰাজ্যত অব্যাহত আছে অবৈধ গৰু ছিণ্ডিকেট ৷ একাংশ অসাধু ব্যৱসায়ীয়ে নিতৌ সৰবৰাহ কৰি আছে অবৈধ গৰু ৷ ৰাজ্যৰ অন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো অব্যাহত আছে গৰুৰ ছিণ্ডিকেট ৷ জিলাখনৰ চিচিবৰগাঁৱৰ গেলুৱাত 19 আৰু 20 জুলাইত কুলাজানত আৰক্ষীয়ে অভিযান চলাই মুঠ 217 টা গৰু জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু অবৈধ গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত ধেমাজি আৰক্ষীয়ে সাধাৰণ ৰাইজক বিভিন্ন ধৰণৰ শাৰীৰিক-মানসিক শাস্তি প্ৰদান কৰি অহাৰ অভিযোগ উখাপন হৈছে ৷

জব্দকৃত গৰুক লৈ ধেমাজিত উত্তপ্ত

প্ৰাপ্ত তথ্য অনুসৰি,চিমেন চাপৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজু গগৈ আৰু ধেমাজি থানাৰ উপ-পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকী সহ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দল এটাই গেলুৱা গাঁৱৰ ঘৰে ঘৰে উপস্থিত হৈ গোহালিয়ে গোহালিৰে অভিযান চলাই এক প্ৰকাৰ সাধাৰণ ৰাইজক কষ্ট দিয়াৰ অভিযোগ উখাপন হৈছে ৷ আনকি,অঞ্চলটোৰ একাংশ ব্যৱসায়ী আৰু কৃষকৰ লগত থকা গৰু সমূহৰ প্ৰয়োজনীয় নথি-পত্ৰ থকা সত্বেও ঘৰৰ পৰা বলপূৰ্ব্বক ভাৱে আৰক্ষীয়ে উঠাই লৈ যোৱাৰ অভিযোগ প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে ৷

জব্দকৃত গৰুক লৈ ধেমাজিত উত্তপ্ত

অভিযোগ মতে,অন্যায় ভাৱে আৰক্ষীয়ে বৈধ পশুধন সমূহ জব্দ কৰি হাৰাশাস্তি কৰিছে গাঁৱৰ ৰাইজক ৷ ইপিনে,আৰক্ষীক এই কাৰ্যত অঞ্চলটোৰ এগৰাকী স্থানীয় সাংবাদিকে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াই অহা বুলিও উল্লেখ কৰে ৰাইজে ৷ তথ্য অনুসৰি,সাংবাদিক গৰাকীয়ে ভুৱা বাতৰি প্ৰচাৰ কৰি ৰাইজক বিভ্ৰান্তি কৰি গাঁওখনৰ সমগ্ৰ ৰাইজক লজ্জানত কৰিছে ৷

গাঁওবাসীৰ মন্তব্য অনুসৰি,লক ডাউনৰ বাবে পশুধন বেচা-কিনা বন্ধ হৈ থকাৰ বাবে ব্যবসায়ীৰ ঘৰতে আবদ্ধ কৰি ৰাখিছিল গৰুসমূহ ৷ লগতে,বানপানীৰ বাবে একাংশ কৃষকে গৰু সমূহ প্ৰতিপালন কৰিবলৈ দিছিল বহু লোকক ৷ আনকি, নিবনুৱা আত্মসহায়ক গোটৰ পৰাও ১১ টা বৈধ গৰু আৰক্ষীয়ে জব্দ কৰাৰ অভিযোগ উখাপন হৈছে ৷ যাৰফলত একাংশ পশুধন বেচা-কিনা কৰা থলুৱা ব্যৱসায়ী আৰু কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ইপিনে এই ঘটনাৰ পিচত কৰ'ণা আৰু বানপানীৰ আতংকই কৃষক আৰু স্থানীয় ব্যৱসায়ী সকলক মাধমাৰ সোধোৱাৰ সময়তে শেহতীয়াকৈ আৰক্ষীৰ এনে কাৰ্যক একে মুখে ধিক্কাৰ দিছে গেলুৱা গাঁওবাসীয়ে ৷ স্থানীয় ৰাইজে ন্যায় বিচাৰি জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুক সাক্ষাৎ কৰি অভিযোগ প্ৰদান কৰা বুলিও উল্লেখ কৰে ৷ শেষত উপায়ন্তৰ হৈ ভুক্তভোগী ৰাইজে আইনৰ কাষ চপাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : ৰাক্ষসিনীত পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.