ETV Bharat / state

লক ডাউনে বিপদত পেলাইছে ধেমাজিৰ এহাল দম্পতিক - ধূপ কাঠি প্ৰস্তুতৰ এটি ক্ষুদ্ৰ উদ্যোগ

লক ডাউনৰ ফলত বিপদত পৰিছে নিজৰ লগতে আনকো স্বনিৰ্ভৰশীল কৰি গঢ়ি তোলা ধেমাজিৰ এহাল দম্পতি ৷ ৰুপিত মাটি বন্ধকত থৈ ধূপ কাঠি প্ৰস্তুতৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা দম্পতিদ্বয়ে পৰিশোধ কৰিব পৰা নাই বেংকৰ ঋণ ৷ লক ডাউনৰ ফলত 25 দিনে বন্ধ ৰাখিব লগা হ'ল ধূপ কাঠি উৎপাদনৰ কাম ৷

লক ডাউনৰ ফলত বেংকৰ ঋণ পৰিশোধ কৰিব নাই ধেমাজিৰ এহাল দম্পত্তিয়ে

author img

By

Published : Sep 15, 2020, 4:53 PM IST

ধেমাজি, 15 চেপ্তেম্বৰ: সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা ভাইৰাছৰ ফলত ঘোষণা কৰা লক ডাউনে প্ৰায় সকলো শ্ৰেণীৰ লোককে আৰ্থিকভাৱে বিপৰ্যস্ত কৰি তোলাৰ সময়ত বিপদত পৰিছে ধেমাজিৰ এহাল দম্পতি ৷ উল্লেখ্য যে ধেমাজিৰ জগন্নাথ দাস আৰু তেওঁৰ পত্নী লক্ষিমনি দাসে স্ব নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰি ঘৰতে ধূপ কাঠি প্ৰস্তুতৰ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল ৷ লক্ষিমনী আগৰবাতি নামৰ এই ক্ষুদ্ৰ উদ্যোগটোৰ জড়িয়তে আন 13 টাকৈ পৰিয়ালো আৰ্থিকভাৱে নিৰ্ভৰশীল হৈ আছিল ৷ কিন্তু লক ডাউনৰ বাবে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি এতিয়া দম্পতিহাল বিপদৰ সন্মুখীন হৈছে ৷

বিপদত পৰিছে ধেমাজিৰ এহাল দম্পতি

উদ্যোগটোৰ গৰাকী জগন্নাথ দাসে অৱগত কৰা মতে তিনি বছৰৰ পূৰ্বে এন এইচ পি চি কৰ্তৃপক্ষৰ পৰা ঋণ লৈ তেওঁলোকে আত্মনিৰ্ভৰশীল হোৱাৰ কথা চিন্তা কৰিছিল ৷ সেই অনুসৰি মূলধনৰ অভাৱ হোৱাত নিজৰ ৰুপিত মাটি বন্ধকত থৈ দুয়োজনে ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ গোহাঁই গাঁও পঞ্চায়তৰ বাম গাঁৱত লক্ষিমনী আগৰবাতি নামৰ ক্ষুদ্ৰ উদ্যোগটো আৰম্ভ কৰিছিল ৷ কিন্তু ক'ৰণা মহামাৰী প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ ফলত কেঁচামালৰ অভাৱত প্ৰায় 25 দিন কাম কাজ বন্ধ ৰাখিব লগা হোৱাত এতিয়া বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি সমস্যাত পৰিছে দুৰ্ভগীয়া জগন্নাথ দাস আৰু তেওঁৰ পত্নী লক্ষীমনি দাস ৷

উদ্যোগটোৰ বাবে প্ৰয়োজনীয় সকলো কেচা সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিব লগা হোৱা হেতুকে তেওঁলোক যথেষ্ঠ সমস্যাৰ সন্মুখীন হয় বুলি জগন্নাথ দাসে প্ৰকাশ কৰে ৷ উল্লেখ্য যে লক্ষিমনী আগৰবাতিয়ে মা,আৰতি,অসম হেৰিটেজ আৰু ব্ৰহ্মপুত্ৰ নামেৰে দহ আৰু 20 টকীয়া মুঠ পাঁচটা ব্ৰেণ্ডৰ ধূপকাঠি প্ৰস্তুত কৰে ৷ এই ধূপকাঠি সমূহ ধেমাজি নগৰৰ উপৰিও গোগামুখ,মাছখোৱা,চিলাপথাৰ আদি ঠাইলৈও প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : চান্দা বিচাৰি হাৰাশাস্তি নকৰিবলৈ কাক আহ্বান জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.