জোনাই, 30 জুলাই: ৰাজ্যৰ অভিলাষী আঁচনিবোৰ ধোঁৱা চাঙত উঠিছে নেকি ! চৰকাৰী আচনি ৰূপায়নৰ নামত একাংশ ঠিকাদাৰৰ জেপ গৰম হৈছে নেকি ! কিয়নো ৰাইজে আঁচনিৰ সুফল নাপাওতে জহি খহি পৰিছে ৷ বিশেষকৈ ৰাইজক বিশুদ্ধ খোৱা পানী দিয়াৰ নামত জল জীৱন আঁচনিত সংগঠিত হৈছে ব্যাপক কেলেংকাৰী ৷ জোনাইত প্ৰহসনত পৰিণত হৈছে জল জীৱন মিছন আঁচনি ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰ ঘৰ নল, ঘৰ ঘৰ জল শ্লো’গানক বুঢ়া আঙুলি দেখুৱাই একাংশ ঠিকাদাৰে জোনাইত অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰিছে পানী পাইপৰ খুঁটা ৷ এই সন্দৰ্ভত ৰাইজে অভিযোগ কৰিলেও নীৰৱ বিভাগীয় কৰ্তৃপক্ষ কিম্বা চৰকাৰ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ জোনাই সংমণ্ডলৰ অধীনত জোনাইৰ ১ নং মূৰ্কংচেলক গাঁৱত জল জীৱন মিছন আঁচনিৰ নিৰ্মাণৰ কাম প্ৰায় এবছৰৰ পূৰ্বেই সম্পূৰ্ণ হ’ল ৷ কিন্তু আজি পৰ্যন্ত ৰাইজে খাবলৈ নাপালে এটুপি পানী ৷
ইফালে আঁচনিখনৰ ঠিকা লাভ কৰা ৰানা দেৱ শইকীয়া নামৰ ঠিকাদাৰৰ পৰা উপ-ঠিকা লোৱা জোনাইৰ এজন স্থানীয় যুৱকে অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে গাঁৱৰ ৰাইজে৷ অকল এয়াই নহয় ঘৰে ঘৰে দিয়া পানীৰ টেপবোৰ অতি নিম্নমানেৰে নিৰ্মাণ কৰাত আঁচনিখন আৰম্ভ নোহোৱাৰ পূৰ্বেই ভাঙি চিঙি হ’লগৈ বিধ্বস্ত ৷
কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী জল জীৱন মিছন আঁচনিত ঠিকাদাৰ, উপ-ঠিকাদাৰৰ দুর্নীতি-অনিয়ম তথা বিভাগীয় বিষয়া-অভিযন্তাৰ চৰম হেমাহিৰ বাবেই ধোঁৱাচাঙত পৰিণত বুলি অভিযোগ ৰাইজৰ ৷ ১ নং মূৰ্কংচেলক গাঁৱৰ জলজীৱন আঁচনি ৰূপয়নত সংগঠিত দুর্নীতিৰে বিৰুদ্ধে তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনাই ৰাইজে ৷
লগতে পঢ়ক: Sluice gate in Dhemaji:ধেমাজিত শ্লুইচ গেট নিৰ্মাণ হ’বলগীয়া অংশ পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণৰ