ধেমাজি, 2 জুলাই : ধেমাজিত কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা ৷ বৃহস্পতিবাৰে ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ চিৰস্তাদাৰ , বিশাল মেগা মাৰ্টৰ দুই কৰ্মচাৰী , ধেমাজি অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসক , এগৰাকী নাৰ্চৰ দেহত ধৰা পৰিছে কোভিড-19 ৷ এইসকল কোভিড ৰোগীৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত ৷ বৰ্তমান ধেমাজিৰ সৰ্বত্ৰতে আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে, ৰাজ্যৰ প্ৰায় কেইখন জিলাতেই বৰ্তমান কোভিড-19য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা ৷ আনহাতে ধেমাজিত ভূতৰ ওপৰত দানহ পৰা দি আহিছে বান ৷ বানৰ কৱলত পৰা জিলাখনত কৰ'ণা ৰোধৰ বাবে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেইয়া কিমান ফলপ্ৰসূ হয় সেইয়া সময়ে ক'ব ৷
লগতে পঢ়ক : শিক্ষয়িত্ৰীৰ হাতৰ পৰা ম'বাইল কাঢ়ি এজনৰ বিলৈ...