ETV Bharat / state

Protest in Jonai: জোনাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল ৰেলী - জোনাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল ৰেলী

অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি আহিছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কাণসাৰ নাই চৰকাৰৰ । কেৱল টাস্ক ৰ্ফচ গঠন কৰিয়ে দায়িত্ব সামৰিছে চৰকাৰে ।

Congress Protest in Jonai
জোনাইত মূল্যবৃদ্ধিৰ প্ৰতিবাদ
author img

By

Published : Jul 25, 2023, 7:19 PM IST

জোনাইত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

জোনাই, ২৫ জুলাই:ৰাজ্য়ত অস্বাভাৱিকভাৱে হোৱা মূল্যবৃদ্ধিৰ জুয়ে দহিছে সৰ্বসাধাৰণ ৰাইজক । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত ৰাইজ কোঙা হোৱাৰ পিচতো কাণসাৰ নাই চৰকাৰ অথবা যোগান বিভাগৰ । ফলত বিভিন্ন দল- সংগঠনে নিতৌ প্ৰতিবাদ সাব্যস্ত কৰিছে । দেশৰ লগতে সমগ্ৰ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ আন ঠাইৰ সমান্তৰালকৈ মঙলবাৰে জোনাইতো মূৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ সহযোগত উলিওৱা হয় এক প্ৰতিবাদী ৰেলী ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনতাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি যোগান মন্ত্ৰীক অতি শীঘ্ৰে পদত্যাগৰ দাবী উত্থাপন কৰে । তদুপৰি আজি প্ৰায় তিনিমাহ ধৰি মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত ১০০ তকৈও অধিক নিৰীহ জনতাৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী মহিলাক বিৱস্ত্ৰ কৰি ৰাজপথত পেৰেড উলিওৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি মণিপুৰত হৈ থকা গোষ্ঠী সংঘৰ্ষৰ মীমাংসাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি প্ৰতিবাদকাৰীসকলে সমালোচনা কৰে ।

লগতে পঢ়ক:BVFC to Be Close !:‘মুখ্যমন্ত্ৰীৰ যি চৰিত্ৰ, ভাল গ্ৰাহক পালে গোটেই অসমখনকে বিক্ৰী কৰি দিব’ ; ভূপেন বৰা

প্ৰতিবাদকাৰীসকলে আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাই বিজেপি চৰকাৰক উচিত শিক্ষা দিব বুলি সকীয়াই দিয়ে । ধেমাজি জিলা আৰু জোনাই ব্লক কংগ্ৰেছ কমিটীৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাংকপ তিনিআলিস্থিত ব্লক কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয়ৰ পৰা জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ উলিয়াই এক বিশাল প্ৰতিবাদী ৰেলী । এই প্ৰতিবাদী ৰেলীত বিজেপি চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰীৰ কাম নাই, পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

লগতে পঢ়ক:Tragic incident in Dhubri:বিলাসীপাৰাত জল জীৱনৰ পানীৰ টেংকীত তিনি শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.