ধেমাজি, 30 ছেপ্টেম্বৰ : ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে পুৱাই ধেমাজিত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ধেমাজিত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা ৯.৩০ বজাত প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনা ২০১৭-১৮ বৰ্ষৰ অধীনত লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা ধেমাজিৰ বেঙেনাগড়া-কঁঠালগুৰি পথত ফাতিহা-বৰডুবি জানৰ ওপৰত এখন পকী দলং উদ্বোধন কৰে । দলঙখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দ্ৰুত অৰ্থনৈতিক প্ৰগতিৰ বাবে সকলো কোণত থকা পথ সংযোগ উন্নত কৰাৰ লক্ষ্য দৃঢ়তাৰে অনুসৰণ কৰাৰ কথা ব্যক্ত কৰে ।
মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে এই সময়ছোৱাত কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু, অজন্তা নেওগ, সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু উপস্থিত থাকে । ফাতিহা-বৰডুবি পকী দলঙৰ পাছত ড৹ শৰ্মাই মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত ধেমাজিৰ বটুৱা-ৰাংকুপ পথৰ বটুৱা নৈৰ ওপৰত আৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনা ২০১৮-১৯ বৰ্ষৰ অধীনত দুসুঁতিমুখ-কাইটং সংযোগী দলং দুখনো উদ্বোধন কৰে ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ধেমাজিত নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰতিষ্ঠান পৰিদৰ্শন কৰে । তেওঁ বাটঘৰীয়া জিমনাষ্টিক ক্লাবত উপস্থিত হৈ বিভা হিমাংশু মে’মৰিয়েল ট্ৰাষ্টে প্ৰদান কৰা বিভিন্ন খেলৰ সামগ্ৰীসমূহ উদ্বোধন কৰে । ইয়াৰ লগতে বাটঘৰীয়া অংগনবাদী কেন্দ্ৰ আৰু বাটঘৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়খনো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক : অক্টোবৰত নগা সমস্যা সমাধানৰ সম্ভাৱনা