ETV Bharat / state

Children Festival at Dhemaji: মইনা পাৰিজাতৰ সপ্তদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ আৰম্ভ

author img

By

Published : Apr 1, 2023, 10:25 PM IST

আলোকৰ সন্ধানত সহস্ৰাধিক শিশু মইনা প্ৰতিনিধিৰে উদুলি মুদুলি ধেমাজিৰ কাছাৰী ময়দান ৷ সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বাৰ্ষিক শিশু সমাৰোহত ছয় হাজাৰ শিশু প্ৰতিনিধিৰ অংশগ্ৰহণ (All Assam Moina Parijat)।

All Assam Moina Parijat
সদৌ অসম মইনা পাৰিজাত
সদৌ অসম মইনা পাৰিজাত

ধেমাজি, 1 এপ্ৰিল:যোৱা 31 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈছে সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বাৰ্ষিক শিশু সমাৰোহ (17th State Children Festival of Moina Parijat)৷ ধেমাজি জিলা সমিতিৰ উদ্যোগত কাছাৰী ময়দানত আয়োজিত এই শিশু সমাৰোহখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হৈছে ছয় হাজাৰ শিশু প্ৰতিনিধিয়ে ৷

কালিৰে পৰা ধেমাজি কাছাৰী ময়দানত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ প্ৰথম দিনা বিয়লি পাঁচ বজাত সমাৰোহখনি উদ্বোধন কৰা হয় (Dhemaji Kasari Maidan)। আজি দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ কৰা হয় ৷ জিলা উপায়ুক্তৰ উপস্থিতিত মূল পতাকা উত্তোলন কৰে ধেমাজি জিলা মইনা পাৰিজাতৰ মইনা অদিতি দত্তই ( Dhemaji District Moina Parijat) ৷ সমান্তৰালভাৱে মূল পতাকাৰ সৈতে একেলগে ৬৯খন পতাকা উত্তোলন কৰে বিভিন্ন জিলাৰ মইনা পাৰিজাতৰ মইনাসকলে ৷ইয়াৰ লগে লগে মইনা পাৰিজাতৰ "আমি পোহৰ বিচাৰি যাওঁ " শীৰ্ষক গীতেৰে মুখৰিত কৰি তোলে চৌপাশ ৷

ইপিনে, অভিবাদন গ্ৰহণ কৰে ধেমাজি জিলা উপায়ুক্ত পল্লৱী ফুকনে ৷ ইয়াৰ পিছতে মাৰ্চপাষ্ট আৰু ব্যায়াম প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ আনহাতে, প্ৰদশৰ্নীৰ দ্বাৰ উদঘাটন কৰে বোকাখাট জিলা মইনা পাৰিজাতৰ মইনা ভৈৰৱী গগৈয়ে ৷ ৰাজ্যখনৰ 25 খন জিলাৰ পৰা অহা 3500 মইনা আৰু পৰিচালকসহ ছয় হাজাৰো অধিক শিশু প্ৰতিনিধি উপস্থিতিৰে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ধেমাজি চহৰ। মনকৰিবলগীয়া যে পতাকা উত্তোলনৰ পিছতে আচম্বিতে অহা প্ৰৱল বতাহ বৰষুণে বহু সময় ধৰি কাৰ্যসূচী ৰূপায়ণত বাধা সৃষ্টি কৰে ৷ নাজল নাথল অৱস্থা হয় মইনাসকলৰ ৷ ফলত মইনাসকলৰ মাজত বিভিন্ন কাৰ্যসূচী পলমকৈ আৰম্ভ হয় ৷ তৎসত্বেও বহুকেইখন জিলাৰ পৰা অহা মইনা সকলে নিজৰ নিজৰ প্ৰতিভা দাঙি ধৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:NHRCCB letter to DGP Assam : আৰক্ষী থানাত চিচিটিভি কেমেৰা স্থাপনৰ বাবে DGP লৈ বিশেষ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.