ETV Bharat / state

জোনাইত ব্ৰাউন চুগাৰ জব্দ: আটক দুজন

জোনাইত আৰক্ষীৰ অভিযানত জব্দ ব্ৰাউন চুগাৰ ৷ জোনাই মহকুমা আৰক্ষী আৰু অৰুণাচল প্ৰদেশৰ ৱেষ্ট চিয়াং জিলাৰ আলৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত মঙলবাৰে নিশা প্ৰায় 9.30 মান বজাত চলোৱা এক অভিযানত জব্দ হয় নিচাযুক্ত দ্ৰব্যখিনি ৷

author img

By

Published : Sep 23, 2020, 6:37 PM IST

brown sugar seized in jonai dhemaji assam etv bharat news
জোনাইত ব্ৰাউন চুগাৰ জব্দ

জোনাই,23 ছেপ্তেম্বৰ: ধেমাজিৰ জোনাইত আৰক্ষীৰ অভিযানত জব্দ ব্ৰাউন চুগাৰ ৷ জোনাই মহকুমা আৰক্ষী আৰু অৰুণাচল প্ৰদেশৰ ৱেষ্ট চিয়াং জিলাৰ আলৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত মঙলবাৰে নিশা প্ৰায় 9.30 মান বজাত চলোৱা এক অভিযানত জব্দ হয় নিচাযুক্ত দ্ৰব্যখিনি ৷ আৰক্ষীয়ে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জোনকাৰেঙত ব্ৰাউন চুগাৰ সহ আটক কৰে এগৰাকী যুৱকক ৷

জোনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু আৰু আলৰ থানাৰ আৰক্ষী বিষয়া ৱাই ৰিৰামৰ নেতৃত্বত চলা যুটীয়া অভিযানত আৰক্ষীৰ এটা দলে অৰুণাচলৰ আলৰত দীৰ্ঘদিনৰ পৰা চলি অহা ড্ৰাগছৰ ব্যৱসায়ত জড়িত এজন ব্য়ক্তিক আটক কৰে ৷ ইতিপূৰ্বে আৰক্ষীয়ে আটক কৰা জোনাইৰ লাইমেকুৰী বৈকুণ্ঠপুৰৰ নৱজ্যোতি কামান নামৰ ড্ৰাগছ ব্যৱসায়ীগৰাকীৰে সৈতে হোৱা বাৰ্তালাপৰ ভিত্তিত ড্ৰাগছ ব্যৱসায়ীগৰাকীক আটক কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ ব্যৱসায়ীজনে তিনিটাকৈ চাবোনৰ বাকচত ভৰাই অনা ব্ৰাউন চুগাৰখিনিৰ ওজন 38.20 গ্ৰাম হোৱাৰ লগতে বজাৰ মূল্য লক্ষাধিক টকা হোৱাৰ কথা প্ৰকাশ কৰে আৰক্ষীয়ে ৷ ইফালে আটকাধীন অন্যতম ড্ৰাগছ ব্যৱসায়ীগৰাকীয়ে শিৱসাগৰৰ কপাতলি মিছিং গাঁৱৰ বাসিন্দা ভূপেন পেগু বুলি চিনাকি দিছে ৷

জোনাইত ব্ৰাউন চুগাৰ জব্দ

উল্লেখ্য যে,আটকাধীন যুৱক দুগৰাকীৰ লগত আন আন ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত পেগুৱে জব্দকৃত ড্ৰাগছখিনি শিৱসাগৰৰ আমগুৰিৰ পৰা সংগ্ৰহ কৰিছিল ৷ আৰক্ষীয়ে এই সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

লগতে চাওকঃ নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.