জোনাই, 27 আগষ্ট : চপৰা-চপৰে খহিছে জোনাইত লালি নদীৰ গৰা (Lali River Erosion) ৷ বিগত বছৰৰ দৰে এইবছৰো 114 নং জোনাই বিধানসভা সমষ্টিৰ চেঙাজানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই (Brahmaputra River Erosion at Jonai)।
ধেমাজিৰ জোনাই মহকুমা অন্তৰ্গত চমকং আৰু চিলাপথাৰৰ চিমেনমুখ পঞ্চায়ত দুখনৰ ৰাইজে এতিয়া বিনিদ্ৰ ৰজনিত সময় অতিবাহিত কৰিব লগাত পৰিছে ৷ তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত বছৰ বছৰ ধৰি দুখন পঞ্চায়তৰ নৈপৰীয়া প্ৰায় 30 খন গাঁৱৰ লগতে চেঙাজান অঞ্চলৰ বহু মূল্যৱান গছ-গছনিৰ লগতে বহু ঘৰ দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানো জাহ গৈছে ।
আনকি উপায়ন্তৰ হৈ প্ৰতিবছৰে গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নৈপৰীয়া ভুক্তভোগী ৰাইজে ঘৰ-বাৰী এৰি যাবলগীয়া হয় নিৰাপদ স্থানলৈ ৷ কিন্তু ইমানৰ পাচতো কাণসাৰ নাই বিভাগীয় মন্ত্ৰী-বিষয়াৰ ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷ এই লালি নদীৰ গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি স্থানীয় জনপ্ৰতিনিধিকে আদি কৰি প্ৰশাসনক বহুবাৰ আৱেদন-নিবেদন কৰিছিল অঞ্চলটোৰ ৰাইজে ৷ কিন্তু ৰাইজৰ অভাৱ-অভিযোগ শুনিবলৈ যে আহৰি নাই বিভাগীয় বৰমূৰীয়াসকলৰ ৷
সংবাদ মাধ্যমৰ জৰিয়তে মনৰ ক্ষোভ ব্যক্ত কৰিছে অঞ্চলটোৰ ৰাইজে ৷ আনকি সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীক উক্ত স্থান পৰিদৰ্শন কৰি এই গৰাখহনীয়া সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ।
লগতে পঢ়ক : Erosion at Baghbar: মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনালে বড়ো মাতৃসকলে ?