জোনাই, ৮ অক্টোবৰঃ দীৰ্ঘ দিন ধৰি ইউবিপিঅৰ নেতৃত্বত বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত চলাই আহিছিল গণতান্ত্ৰিক আন্দোলন। যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত বিজেপিয়ে ইউবিপিঅৰ নেতৃত্বক প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি সংগঠনটোয়ে জনাই অহা দাবীৰ প্ৰতি সঁহাৰি জনাই শেহতীয়াভাবে যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু এনডিএফবিৰ চাৰিওটা গোটৰ লগতে সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ)ৰ সৈতে সম্পাদিত তৃতীয় বড়ো শান্তি চুক্তিৰ ৫নং ধাৰাৰ ৫.১ দফাত অন্তভুৰ্ক্ত হল বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিষয়টো।
ইপিনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত,স্বাস্থ্য আদি দপ্তৰৰ মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ইউবিপিঅ নেতৃত্বৰ ধাৰাবাহিক আলোচনাৰ সিদ্ধান্ত অনুসৰি বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেটত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিধেয়কখন গ্ৰহণ কৰে। বিটিএডিৰ বাহিৰৰ 21খন জিলাৰ বড়ো জনগণৰ বহু প্ৰত্যাশিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে বিভিন্ন প্ৰান্তৰ বড়ো ৰাইজৰ লগতে ধেমাজি জিলাৰ বড়ো জনগণ।
চৰকাৰৰ এই ঘোষণাৰ লগে লগে চিমেন চাপৰিস্থিত ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ কাৰ্য্যালয়ত উৎসৱমুখৰ পৰিস্থিতি সৃষ্টি হৈছে। ইপিনে চৰকাৰৰ এই ঘোষণাৰ লগে লগে জোনাই গৌজনপুৰস্থিত এবছুৰ জোনাই জিলা সমিতিৰ কাৰ্য্যালয়, ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ ঘৰৰ লগতে ইউবিপিঅৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মকৰ্তাৰ লগতে বড়ো জনসাধাৰণৰ মাজত আনন্দ উল্লাসৰ জোঁৱাৰ উঠা পৰিলক্ষিত হৈছে জোনাইত ৷ ইপিনে মধ্য জোনাই, চিলাপথাৰ,গোগামুখ, বগীনদী আদি অঞ্চলতো ইউবিপিঅৰ নেতা-কৰ্মীৰ লগতে সৰ্বসাধাৰণ বড়ো ৰাইজৰ মাজত উৎসৱ মুখ পৰিবেশৰ সূচনা হয় ৷ সন্ধিয়াৰ লগে লগে চাকি, মম জ্বলোৱাৰ লগতে ফটকা ফুটাই বড়ো কছাৰী কল্যাণ স্বায়ত্ব-শাসিত পৰিষদক আদৰণি জনাই ইউবিপিঅ, এবছু আৰু জোনাই আঞ্চলিকৰ কৰ্মকৰ্তাৰ লগতে জনসাধাৰণে ৷
লগতে পঢ়কঃ ধৰ্ষণকাৰীৰ মত্যুদণ্ড বিচাৰি সৰভোগত কংগ্ৰেছৰ মৌন সমদল