ETV Bharat / state

এইবাৰ বসন্তত পদুম ফুলিব: ভূৱন পেগু - Assam assembly election

সোমবাৰে জোনাই সমষ্টিত প্ৰথম নিৰ্বাচনী প্ৰচাৰ আভিযানত ভূৱন পেগুৱে মিত্ৰজোঁটৰ দলসমূহৰ কৰ্মীক লৈ প্ৰচাৰ চলায় ৷ এই প্ৰচাৰ সভাত পেগুৱে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হেমা হৰি প্ৰসন্ন পেগুক তীব্ৰ সমালোচনা কৰে ৷

as_jonai_bhuban-pegu-election-campaign_vis_ASC10072
এইবাৰ বসন্তত পদুম ফুলিব: ভূৱন পেগু
author img

By

Published : Mar 16, 2021, 1:34 PM IST

জোনাই, 16 মাৰ্চ: ৰাজ্যত ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ আৰু দহটা দিনৰ পিছতেই অনুষ্ঠিত হ’ব বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰতিটো সমষ্টিতে বিভিন্ন দলসমূহৰ প্ৰাৰ্থী সকলৰ বাবে তীব্ৰতৰ কৰা হৈছে প্ৰচাৰ অভিযান ৷ জোনাইতো ১১৪ নং জোনাই বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন পেগুৱে প্ৰথমটো নিৰ্বাচনী প্ৰচাৰ চলায় ৷

এইবাৰ বসন্তত পদুম ফুলিব: ভূৱন পেগু

সোমবাৰে জোনাই সমষ্টিত প্ৰথম নিৰ্বাচনী প্ৰচাৰ আভিযানত ভূৱন পেগুৱে মিত্ৰজোঁটৰ দলসমূহৰ কৰ্মীক লৈ প্ৰচাৰ চলায় ৷ এই প্ৰচাৰ সভাত পেগুৱে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হেমা হৰি প্ৰসন্ন পেগুক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, পৰাজয় নিশ্চিত হোৱা বাবেই কংগ্ৰেছৰ কোনো এগৰাকী নেতাই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগনবঢ়ালে ৷ যাৰ বাবে কংগ্ৰেছে সমষ্টিটোৰ বাহিৰৰ এজন লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷

পেগুৱে কয়, ‘জোনাইত বিজেপি চৰকাৰৰ দিনতে বহু পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে ৷ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হ’লে যিবোৰ পৰিয়ালে মাটিৰ পট্টা লাভ কৰা নাই তেওঁলোকৰ এক সমীক্ষা কৰি চৰকাৰে ম্যাদীকৰণৰ ব্যৱস্থা কৰিব ৷ বিজেপি চৰকাৰখনে বাট-পথ, বানপানী, গৰাখহনীৰ লগতে মহিলা সকলকৰ ওপৰত অধিক গুৰুত্ব দিছে ৷ মহিলা সকল যাতে স্ব-নিৰ্ভলশীল হ’ব পাৰে তাৰ বাবে বিজেপি চৰকাৰখনে মহিলাসকলক বিভিন্ন আঁচনি প্ৰদান কৰিছে ৷’ সেইয়ে বিজেপি চৰকাৰখনক আৰু এবাৰ প্ৰতিষ্ঠা কৰি যিখিনি ভাল যুগান্তকাৰী কাম হৈছে এইটো আৰু আগবঢ়াই নিব লাগিব বুলি ভোটাৰ ৰাইজক উদ্দেশ্য কৰি কয় ভূৱন পেগুৱে ৷

লগতে পঢ়ক-সোণোৱালৰ হৈ নিবাচনী প্ৰচাৰ চলাব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.