ETV Bharat / state

জন প্ৰতিনিধিৰ চকু নপৰা অসমৰ এখন গাঁও - খোৱা পানী

স্বাধীনতাৰ সত্তৰ বছৰৰ পাছতো কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা জোনাই সমষ্টিৰ এখন গাঁও ৷ স্থানীয় ৰাইজে নৈৰ লেতেৰা পানী খাই বছৰ বছৰ ধৰি আতিবাহিত কৰিছে জীৱন ৷

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অসমৰ এখন গাঁও

author img

By

Published : Mar 31, 2021, 1:02 PM IST

জোনাই,৩১ মাৰ্চ: কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই জোনাই সমষ্টিৰ নাহৰ জেলম অঞ্চলk । নাহৰ জেলম হৈছে কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ অত্যন্ত পিছপৰা এখন গাঁও ৷ নাহৰ জেলম অঞ্চলত প্ৰায় ৩০ টা পৰিয়ালে বছৰ বছৰ ধৰি বসবাস কৰি আহিছে যদিও ৰাইজৰ বাবে যাতায়াতৰ একমাত্ৰ মাধ্যম হৈছে জৰাজীৰ্ণ এখন ওলোমা দলং । এই জৰাজীৰ্ণ ওলোমা দলঙেৰে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু স্থানীয় ৰাইজে অব্যাহত ৰাখিছে বিপদসংকুল যাত্ৰা ৷

জন প্ৰতিনিধিৰ চকু নপৰা অসমৰ এখন গাঁও

কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে চিলে নদীৰ ওপৰত থকা ওলোমা দলঙৰ পৰা পৰি ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে ৷ নিৰ্বাচনৰ সময়ত বিজেপি, কংগ্ৰেছ আৰু গণ শক্তিৰ বহু কেইগৰাকী জন প্ৰতিনিধিয়ে দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিকোপতি সেয়া সম্পূৰ্ণ হৈ নুঠিল ৷

যাৰ বাবে প্ৰতি বছৰে ৰাইজে মেৰামতি কৰি কোনোমতে অব্যাহত ৰাখিছে যাতায়াত ৷ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা নাহৰ জেলম গাঁৱৰ লোকসকলৰ খোৱা পানীৰ একমাত্ৰ উৎস হৈছে নৈৰ পানী ৷ যাৰ ফলত গাঁৱবাসীয়ে লেতেৰা পানী সেৱন কৰি বছৰ বছৰ ধৰি জীৱন অতিবাহিত কৰিবলগা হৈছে ৷

লগতে পঢ়কঃ হোজাইত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.