ধেমাজি,6 জানুৱাৰী : ধেমাজিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত নতুনকৈ সংযোজিত কৰা হৈছে বি এড পাঠ্যক্ৰম ৷ সেই উদ্দেশ্যে মঙলবাৰে প্ৰতিষ্ঠানখনৰ চাৰিবেৰ,অতিৰিক্ত শ্ৰেণীকোঠাৰ নিৰ্মাণকাৰ্যৰ লগতে পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয় ৷ অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজিৰ অধীনত শিক্ষা প্ৰতিষ্ঠানখনত এই নতুন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সাংসদ প্ৰদান বৰুৱা আৰু আৰু ধেমাজিৰ বিধায়ক ড৹ ৰণোজ পেগুৱে ৷
ইয়াৰ পিছতে ধেমাজি ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিপক বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী সভা ৷ ৫০ খন আসনযুক্ত প্ৰতিষ্ঠানখনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বি এড পাঠ্যক্ৰমে শিক্ষাৰ্থী সকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে প্ৰতিষ্ঠানটোৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড৹ পৰাশ ভাগৱতীয়ে ৷