ETV Bharat / state

Awareness meeting on APSC exams: ধেমাজিত APSC ৰ পৰীক্ষা সম্পৰ্কত সজাগতা সভা

author img

By

Published : Feb 28, 2023, 5:08 PM IST

ধেমাজিত অনুষ্ঠিত কৰা হয় অসম লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কতএখনি সজাগতা সভা (Awareness meeting on APSC exams in Dhemaji) । উক্ত সভাত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তি । পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই আগবাঢ়িবলৈ অধ্যক্ষ দেৱচৌধুৰীৰ আহ্বান ।

Awareness meeting on APSC exams in Dhemaji
ধেমাজিত APSC ৰ পৰীক্ষা সম্পৰ্কত সজাগতা সভা

জোনাই, ২৭ ফেব্ৰুৱাৰী: "পৃথিৱীখন এতিয়া দ্ৰুত গতিত সলনি হৈ আছে । বিশেষকৈ প্ৰযুক্তিগত দিশৰ ব্যাপক উত্তৰণে আমাৰ জীৱন প্ৰণালীৰ ক্ষীপ্ৰ পৰিবৰ্তন সাধন কৰিছে । এই ৰূপান্তৰৰ সৈতে তাল মিলাই চলিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যাব ।" সোমবাৰে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত অসম লোকসেৱা আয়োগৰ (Assam Public Service Commission) পৰীক্ষাৰ সম্পৰ্কত ধেমাজি মহাবিদ্যালয়ত আয়োজিত এখন সজাগতা মূলক সভাত মুখ্য বক্তা হিচাপে দিয়া ভাষণত আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে আগবঢ়াই এই মন্তব্য (Awareness meeting on APSC exams in Dhemaji) ।

তেওঁ কয় যে, ধেমাজিৰ দৰে ৰাজ্যৰ প্ৰত্যন্ত অঞ্চলৰ যুৱক-যুৱতী সকলে ৰাজ্যৰ প্ৰশাসনত আগভাগ ল’লেহে ৰাজ্যখনৰ সামগ্ৰিক বিকাশ তৰান্বিত হ'ব । তেওঁ সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাৰ (Combined Civil Services Examination) বিভিন্ন পদ্ধতিৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰি এনে পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বলৈ জিলাখনৰ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায় (APSC exams in Assam) । অনুষ্ঠানত দিয়া চমু ভাষণত জিলা উপায়ুক্ত পল্লবী ফুকনে কয় যে, উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত সদায় ভাল প্ৰদৰ্শন কৰি অহা ধেমাজি জিলাত প্ৰতিভাৰ অভাৱ নাই ।

লগতে পঢ়ক: Irregularities of doctors : কলগাছিয়াৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্যকৰ্মীৰ মইমতালি

মাত্ৰ প্ৰবল ইচ্ছা শক্তিৰে সঠিক দিশেৰে আগুৱাই যাব পাৰিলেই সফলতা অনিবাৰ্য বুলি তেওঁ মত প্ৰকাশ কৰে । ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ নেওগে আদৰণি ভাষণ দিয়া সভাখনত জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকেও চমু বক্তব্য দাঙি ধৰে । ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পোনপ্ৰথমে বাৰলৈ আয়োজিত এই অনুষ্ঠানত ধেমাজি মহাবিদ্যালয়ৰ উপৰিও জীয়াঢল মহাবিদ্যালয়, মৰিঢল মহাবিদ্যালয়, গোগামুখ মহাবিদ্যালয়, চিলাপথাৰ মহাবিদ্যালয় আদিৰ পৰাও যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

এই সীমান্তবৰ্তী জিলাখনৰ যুৱক-যুৱতীসকলেও অসম প্ৰশাসনৰ উচ্চ পদত অধিষ্ঠিত হোৱাৰ বাবে ফলপ্ৰসু প্ৰয়াস চলোৱাৰ বাবে কিছু অনুপ্ৰেৰণা আৰু আভাষ পাব পাৰে সেই উদ্দেশ্যেই এই সজাগতা সভা অনুষ্ঠিত কৰা হয় বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: NMC team visits Nalbari Medical College: নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ হাস্পতালত নেচনেল মেডিকেল কাউঞ্চিলৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.