ETV Bharat / state

জোনাইত অসম চিকিৎসা সেৱা সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Oct 29, 2021, 4:32 PM IST

অসম চিকিৎসা সেৱা সংস্থাৰ চৈধ্যদফীয়া দাবী পূৰণত কোনো গুৰুত্ব নিদিলে ৰাজ্য চৰকাৰে । আজি পৰ্যন্ত সমাধান নহ'ল চিকিৎসকৰ সমস্যা । চৰকাৰ তথা স্বাস্থ্য বিভাগে প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অসম চিকিৎসা সেৱা সংস্থাৰ ।

Assam Medical Service Association protest at Jonai
জোনাইত অসম চিকিৎসা সেৱা সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী

জোনাই, ২৯ অক্টোবৰ: চিকিৎসা সেৱা প্ৰদানৰ পৰা বিৰত আছে চিকিৎসক । জিলাই জিলাই চিকিৎসালয়ৰ বৰ্হিবিভাগৰ সেৱাও সম্পূৰ্ণভাৱে বন্ধ হৈ আছে । তথাপিও চিকিৎসকৰ সমস্যাৰ প্ৰতি কাণসাৰ দিয়া নাই চৰকাৰ তথা স্বাস্থ্য বিভাগে । এনেদৰে চিকিৎসকৰ সমস্যাৰ প্ৰতি চৰকাৰ তথা স্বাস্থ্য বিভাগে পিঠি দিয়া কাৰ্যত ক্ষোভিত হৈ পৰিছে অসম চিকিৎসা সেৱা সংস্থা ।

কিয়নো, সংস্থাটোৱে চৈধ্যদফীয়া দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাই যোৱা ১৯ অক্টোবৰৰ পৰা ৰাজ্যজুৰি এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জোনাই মহকুমাতো প্ৰতিবাদ সাব্যস্ত কৰিছে ৰূপায়ণ কৰিছে অসম চিকিৎসা সেৱা সংস্থাই ৷ আনহাতে, এই প্ৰতিবাদৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে জোনাই মহকুমাতো স্বাস্থ্য সেৱা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে । প্ৰতিবাদৰ সময়ছোৱাত মাত্ৰ জৰুৰীকালীন সেৱাহে উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে অসম চিকিৎসা সেৱা সংস্থা অবিভক্ত লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক তথা জোনাই মহকুমাৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামান আৰু অসম চিকিৎসা সেৱা সংস্থাৰ ধেমাজি গোটৰ সভাপতি ডাঃ পুষ্পধৰ দেউৰীয়ে ।

লগতে জানিবলৈ দিয়ে যে, যোৱা ১৯ অক্টোবৰত সকলো চিকিৎসালয়ৰ বৰ্হিবিভাগৰ চিকিৎসকসকলে পুৱা ৮ বজাৰ পৰা ১১ বজালৈ চিকিৎসা প্ৰদানৰ পৰা বিৰত থকাৰ লগতে ২২ অক্টোবৰত বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ হৈ থাকে । লগতে ২৬, ২৭ আৰু ২৮ অক্টোবৰ তাৰিখে তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ হৈ থাকে । আনহাতে, ১, ২ আৰু ৩ নৱেম্বৰত পুনৰ তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ হৈ থাকিব ।

উল্লেখ্য যে, চৰকাৰৰ ফালৰ পৰা বহুবাৰ প্ৰতিশ্ৰুতি আৰু আশ্বাস প্ৰদান কৰাৰ পাচতো এতিয়ালৈকে পূৰণ নোহোৱা ন্যাৰ্য দাবীসমূহ হ'ল- চিকিৎসকৰ কেডাৰৰ পুনৰীক্ষণ আৰু পুনৰ নিয়োজন কৰা, টাইম স্কেলৰ আধাৰত পদোন্নতিৰ ব্যৱস্থা কৰা, স্বাস্থ্য 'ক' বিভাগ আৰু 'খ ' বিভাগৰ দৰমহাৰ বৈষম্য দূৰ কৰি নতুন চিকিৎসকক আকৃষ্ট তথা অন্তৰ্ভুক্তিৰে বিভাগটোক দুখীয়া ৰাইজৰ স্বাৰ্থত অধিক সক্ষম আৰু গতিশীল কৰা । লগতে নতুন মেডিকেল কলেজৰ স্থাপনৰ নামত জিলা চিকিৎসালয়বোৰ বন্ধ নকৰি চিকিৎসা মহাবিদ্যালয় সমূহক সঁচা অৰ্থত এখন ৰেফাৰেল হাস্পতাল অথবা টাৰচিয়াৰী কেয়াৰ হাস্পতাল হিচাপে ৰাখি ৰোগীক সৰ্বোত্তম চিকিৎসা প্ৰদান তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক জ্ঞান অৰ্জনত অধিক সুবিধা দিয়াৰ দাবী জনাইছে সংস্থাটোৱে । আনহাতে, বিভিন্ন স্তৰত খালী হৈ থকা চিকিৎসকৰ পদবোৰ পূৰণ কৰিবলৈ এক সময় নিৰ্ধাৰিত পদোন্নতিৰ ব্যৱস্থা কৰা, সান্ধ্য বৰ্হিবিভাগৰ যোৱা ৫ বছৰ ধৰি অনাদায় হৈ থকা বকেয়া ধন অতি সোনকালে আদায় দিবলৈও দাবী জনাইছে ।

সাধাৰণ ৰাইজৰ সুবিধাৰ্থে চিকিৎসালয় প্ৰাংগনতে চিকিৎসক থকাৰ বাবে ভাড়ামুক্ত আৱাসৰ ব্যৱস্থা কৰা, জ্যেষ্ঠ চিকিৎসকতকৈ কনিষ্ঠ চিকিৎসকে বেছিকৈ পাই থকা দৰমহাৰ আসোঁঁৱাহ দূৰ কৰি ন্যায় প্ৰদান কৰা, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্ল'মা লাভ কৰা স্বাস্থ্য 'ক' বিভাগৰ চিকিৎসক সকলক প্ৰতিশ্ৰুতি অনুসৰি দুটাকৈ ইনক্ৰিমেণ্টৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপিত হৈছে । চিকিৎসা মহাবিদ্যালয়ত থকা বিশেষজ্ঞ চিকিৎসা অধ্যয়নৰ আসন বৃদ্ধি কৰিবলৈও চৰকাৰক দাবী জনাইছে সংস্থাটোৱে ৷ অসম চিকিৎসা সেৱা সংস্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ পাচতো চিকিৎসকৰ সমস্যা সমাধানত অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাটোৱে চিকিৎসকসকলৰ সমস্যা সমাধানত যে চৰকাৰ তথা স্বাস্থ্য বিভাগ উদাসীন সেয়া প্ৰতিফলিত হৈছে বুলি সংস্থাটোৰ নেতাদ্বয়ে আক্ষেপ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:তামুলপুৰত উপ-নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি বাক্সা জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.