ETV Bharat / state

Constituency delimitation: চূড়ান্ত তালিকা মানি লৈ নিৰ্বাচনত যুঁজিবলৈ সাজু অসম কংগ্ৰেছ - সমষ্টি পুনৰ নিৰ্ধাৰণ

সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ ৷ আয়োগে আমাৰ কোনো পৰামৰ্শই কোনো মানি নল’লে ৷ কেৱল বিজেপি চৰকাৰক সুখী কৰাৰ বাবে চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ৷ অভিযোগ ভূপেন বৰাৰ ৷

Constituency delimitation
Constituency delimitation
author img

By

Published : Aug 12, 2023, 8:07 PM IST

চূড়ান্ত তালিকা মানি লৈ নিৰ্বাচনত যুঁজিবলৈ সাজু অসম কংগ্ৰেছ

ধেমাজি, 12 আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক মানি লৈ নিৰ্বাচন খেলাৰ সাজু হৈছে অসম কংগ্ৰেছ ৷ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ পূৰ্ণাংগ তালিকা প্ৰকাশ পোৱাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই তালিকা মতেই নিৰ্বাচন খেলাৰ বাবে সাজু হোৱা বুলি গোগামুখৰ এক অনুষ্ঠানত উপস্থিত থাকি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

ভূপেন বৰাই কয়, ‘‘আমি নীতিগত কাৰণত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা নাছিলো ৷ কিন্তু যি প্ৰক্ৰিয়াৰে নিৰ্বাচন আয়োগে সীমা নিৰ্ধাৰণ কৰিলে তাক লৈ ৰাইজৰ অভিযোগৰ ভিত্তিত প্ৰশ্ন উত্থাপন কৰিছিলো ৷ আমি আয়োগক বিভিন্ন ধৰণৰ সংশোধনী পৰামৰ্শ আগবঢ়াইছিলো ৷ কিন্তু আমাৰ কোনো কথা নুশুনাকৈয়ে আয়োগে চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ৷ ’’

তেওঁ আৰু কয় যে আয়োগে পূৰ্ণাগ তালিকা প্ৰকাশ কৰাৰ পাচত আৰু এই বিষয়টোক লৈ আমাৰ বিশেষ ক’বলগীয়া নাই ৷ সীমা নিৰ্ধাৰণ ন’হলেও আমি নিৰ্বাচন খেলিলোহেঁতেন; এতিয়া যিদৰে হৈছে সেইদৰেও নিৰ্বাচন খেলাৰ বাবে সাজু আছোঁ ৷

ভূপেন বৰাই লগতে কয় যে আমি অসমৰ বিভিন্ন ৰাইজৰ ক্ষোভ বা আপত্তিসমূহ আয়োগৰ ওচৰত উপস্থাপন কৰিছিলো, কিন্তু আয়োগে অসমৰ ৰাইজৰ বা বিৰোধীৰ আপত্তিক গুৰুত্ব প্ৰদান নকৰি কেৱল বিজেপিক সহায় কৰাৰ বাবে আৰু মুখ্যমন্ত্ৰীক সহায় কৰাৰ বাবে তালিকাখন প্ৰকাশ কৰিলে ৷

কংগ্ৰেছে এই পূৰ্ণাংগ তালিকাক সমৰ্থন জনালেও কিন্তু বহু বিৰোধী দলে এই তালিকা মানি লোৱা নাই ৷ যাৰ বাবে এতিয়াত বিৰোধী শিবিৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্ণাংগ তালিকাক লৈ দুটা মেৰুৰ সৃষ্টি হৈছে ৷ কেৱল বিৰোধী শিবিৰতে নহয়, বিজেপিৰ মিত্ৰ দল অগপতো সৃষ্টি হৈছে ধুমুহাৰ ৷ কাৰণ ইতিমধ্যেই আমগুৰি সমষ্টি বিলুপ্তিৰ বিৰোধিতাৰে অগপৰ জ্যেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকাই দলৰ পৰা পদত্যাগ কৰিছে ৷

উল্লেখ্য যে দেওবাৰে সমাগত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গোগামুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিছিং স্বায়ত্ত শাসিত পৰিষদীয় অঞ্চলৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিনিধিত্বমূলক সভাত অংশগ্ৰহণ কৰে ভূপেন বৰাই ৷

লগতে পঢ়ক: Pradip Hazarika resigns from AGP: সমষ্টি হেৰুৱাই ক্ষোভে-অভিমানে পদত্যাগ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.