ETV Bharat / state

Assam Book Fair 2022 : ধেমাজি গ্ৰন্থমেলাত অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপ

author img

By

Published : Nov 7, 2022, 8:08 AM IST

উখল মাখল ধেমাজি গ্ৰন্থমেলাৰ বাকৰি ৷ 4 নৱেম্বৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা (Assam Book Fair inauguration from November 4 in Dhemaji) ৷ এই গ্ৰন্থমেলাৰ তৃতীয় দিনা অনুষ্ঠিত হয় কিতাপ গোট আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰি চ’চাইটিৰ (Arunachal Pradesh Literary Society) উদ্যেগত অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠান (Arunachali literature in Dhemaji) ৷

উখল মাখল ধেমাজি গ্ৰন্থমেলাৰ বাকৰি
ধেমাজি গ্ৰন্থমেলাত অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপ

ধেমাজি, 7 নৱেম্বৰ : 4 নৱেম্বৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা (Assam Book Fair inauguration from November 4 in Dhemaji) ৷ এই গ্ৰন্থমেলাত অংশ লৈছে 100 ৰো অধিক কিতাপৰ বিপনীয়ে ৷ য’ত আছে দিল্লী আৰু কলিকতাৰ পৰা অহা কিতাপৰ বিপনীও ৷

উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদৰ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতাৰ সংস্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত দহদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা ধেমাজিৰ আজি হৈছে চতুৰ্থটো দিন ৷ ধেমাজি গ্ৰন্থমেলাৰ তৃতীয় দিনা বিয়লি গ্ৰন্থমেলাৰ বাকৰিত দেখা গ’ল অৰুণাচলৰ লেখক তথা সাহিত্যিকক (Arunachali literature in Dhemaji) ৷

কাৰ্যসূচী অনুসৰি আলাপ অনুষ্ঠানত কিতাপ গোট আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰি চ’চাইটিৰ উদ্যেগত (Arunachal Pradesh Literary Society) অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠিত হয় ৷ য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি । লগতে টাংগা টাকি, কালিং বৰাং, ৱাংছাম জংচাম আদিকে ধৰি কেবাগৰাকী অৰুণাচলী সাহিত্যিক উপস্থিত থাকে ৷

লগতে পঢ়ক : Assam Book Fair 2022: ধেমাজিত অসম গ্ৰন্থমেলা উদ্বোধন কৰিলে মন্ত্ৰী পেগুৱে

উক্ত সভাত সন্মানীয় অতিথি হিচাপে উপস্থিতে থাকে সাহিত্য অকাডেমী বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা ৷ মন কৰিবলগীয়া যে, সততে অসম অৰুণাচলীৰ মাজত সীমান্তৱৰ্তী এলেকাত সীমাকেন্দ্ৰিক বিবাদ অব্যাহত থকাৰ সময়তে অৰুণাচলী লেখক তথা সাহিত্যিকৰ মুখত অসমীয়া ভাষাৰ কবিতা পাঠে উপস্থিত বহুতকে দিয়ে আমোদ আৰু সন্তুষ্টি ৷

উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যাগত ৰাজ্যৰ পাঁচটাকৈ স্থানত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে (Assam Book Fair in 5 places) ৷ ধেমাজিৰ পৰা আৰম্ভ হৈ নলবাৰী, যোৰহাট, গুৱাহাটী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair) ৷

লগতে পঢ়ক : Assam Book Fair : আজিৰে পৰা 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.