ধেমাজি, ২৬ ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ এই বিধেয়ক খন বাতিলৰ দাবীৰে ৰাজ্যৰ সকলো জিলাতে বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লগতে স্বতঃফুতভাৱে ৰাজপথলৈ উলাই আহিছে হাজাৰ হাজাৰ জনতা ৷
বৃহস্পতিবাৰে এই আইন খনৰ বিৰোধিতাৰে ধেমাজিৰ বৰদলনিত আছু, যুৱছাত্ৰ পৰিষদ,আটাছু আৰু ধেমাজি জিলা শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল সজাগতা সভা ৷ উক্ত সভাত ধাৰাবাহিকভাৱে দেশ প্ৰেমমূলক কালজয়ী গীতে মাতে ৰাইজৰ মাজত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰে ধেমাজিৰ শিল্পী সমাজে ৷