ETV Bharat / state

পুৰুষ কাৰাবন্দীক যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ ধেমাজিৰ কাৰাগাৰ বিষয়া - পুৰুষ কাৰাবন্দীক যৌন নিৰ্যাতন কৰি গ্ৰেপ্তাৰ ধেমাজিৰ কাৰাগাৰ বিষয়া

ধেমাজি কাৰাগাৰত জঘন্য কাণ্ড ৷ পুৰুষ কাৰাবন্দীক যৌন নিৰ্যাতন চলাই কৰি গ্ৰেপ্তাৰ হ’ল ধেমাজি কাৰাগাৰৰ জেইলাৰ ৷

Arrests for sexually abusing male inmates at Dhemaji Jail
পুৰুষ কাৰাবন্দীক যৌন নিৰ্যাতনঃ গ্ৰেপ্তাৰ ধেমাজিৰ কাৰাগাৰ বিষয়া
author img

By

Published : Jul 16, 2020, 8:35 PM IST

Updated : Jul 16, 2020, 9:46 PM IST

ধেমাজি, 16 জুলাই : ধেমাজি কাৰাগাৰত পুৰুষ কাৰাবন্দীক যৌন নিৰ্যাতনৰ নিকৃষ্ট কাণ্ড ৷ যৌন নিৰ্যাতনৰ অভিযোগত খোদ কাৰাগাৰৰ আলহী হ’ল ধেমাজিৰ কাৰাগাৰৰ জেইলাৰ ৷ অভিযোগ মতে,ধেমাজি কাৰাগাৰত দীৰ্ঘদিন ধৰি জেইলাৰ দুলাল দাসে পুৰুষ কাৰাবন্দীক চলাই আহিছিল যৌন নিৰ্যাতন ৷

এই বিষয় সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে পৰিয়ালক অৱগত কৰাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা ৷ উল্লেখ্য যে,ঘটনা সংঘটিত হোৱা চিলাপথাৰ 1নং খনামুখৰ গোমন মগৰৰ পুত্ৰ টিংকু মগৰ (24) যোৱা চাৰিটা বছৰে ধেমাজি কাৰাগাৰত কাৰাবাস খাটি আছে ৷ অভিযোগ মতে,কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ প্ৰলোভনত জেইলাৰ দুলাল দাসে দীৰ্ঘদিনৰ পৰাই কাৰাবন্দী যুৱকৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল ৷ লগতে বলপূৰ্বক ভাৱে সেৱন কৰোৱাই ড্ৰাগছ-ভাঙৰ দৰে মাৰাত্মক নিচা জাতীয় সামগ্ৰী ৷

যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ ধেমাজিৰ কাৰাগাৰ বিষয়া

দীৰ্ঘদিনৰ পৰা চলা অত্যাচাৰত শাৰীৰিক ভাৱে অসুস্থ হৈ যুৱক জনে আত্মহত্যা কৰিব বুলিও ফোনযোগে মাতৃক অৱগত কৰে ৷ কিন্তু ঘটনাটো গাপ দিয়াৰ চক্ৰান্তৰে যুৱকজনক মানসিক চিকিৎসালয়ত চিকিৎসা কৰোৱাও এতিয়া এক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে |

ইপিনে যোৱা 6 জুলাইত ধেমাজি উপায়ুক্তক দিয়া অভিযোগৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে দুলাল দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 376 ধাৰা অনুযায়ী 285/2020 নং গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰি বৃহস্পতিবাৰে জেইলাৰ দুলাল দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ধেমাজি সদৰ থানাত দুলাল দাসৰ বিৰুদ্ধে আছে 7 টা কৈ এনে যৌন নিৰ্যাতন অভিযোগ ৷ এতিয়া এই ঘটনাই তীব্ৰ আলোড়ন সৃষ্টি কৰিছে জিলাখনত ৷

লগতে চাওক-এই সময়ত বিমান যাত্ৰাই হৈছে সকলোতকৈ সুৰক্ষিত এক যাত্ৰা

Last Updated : Jul 16, 2020, 9:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.